NORTHEAST NOW (Assamese)

কলিয়াবৰত বন মহোৎসৱৰ সমান্তৰালভাৱে চলিছে বন ধ্বংসযজ্ঞ : নিৰ্বিকাৰ বন বিভাগ

July 5, 2018 12:35 pm · ৰিদিপ শৰ্মা
Updated: July 5, 2018 12:37 pm

 ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা বন মহোৎসৱৰ সমান্তৰালভাৱে কলিয়াবৰতো পালন কৰা হয় বন মহোৎসৱ। কিন্তু মন কৰিবলগীয়া যে কলিয়াবৰত চলা বন মহোৎসৱৰ মাজতে সমান্তৰালভাৱে অব্যাহত আছে বন ধ্বংস কাৰ্য।

 উল্লেখযোগ্য যে নগাঁও বন সংমণ্ডলে জিলা পৰিষদৰ সহযোগত কলিয়াবৰৰ ডিজু সংৰক্ষিত বনাঞ্চলৰ ২০ হেক্টৰ ভূমিত বৃক্ষৰোপণ আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে কলিয়াবৰৰ মিছামুখৰ সামাজিক বনানীকৰণৰ বনাঞ্চলত দুষ্টচক্ৰই অবাধ হাৰত চলাইছে বন ধ্বংসযজ্ঞ।

 প্ৰাপ্ত তথ্য মতে বনাঞ্চলটোত চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা কাটি ধ্বংস কৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। বনবিভাগৰ নিৰ্লিপ্ততাৰ বাবেই দুষ্টচক্ৰই বহু মূল্যবান গছ কাটি সৰবৰাহ কৰিছে একাংশ অবৈধ কাঠফলা মিললৈ। কিন্তু নিৰ্বিকাৰ বনবিভাগ কিম্বা প্ৰশাসন।

 বন মহোৎসৱ সপ্তাহত গছপুলি ৰোপণ কৰি নিজৰ দায়িত্ব জাহিৰ কৰিব খোজা বনবিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই এইদৰে দুষ্কৃতিকাৰীয়ে বন ধ্বংসযজ্ঞ অব্যাহত ৰাখিব পাৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

 আনহাতে স্থানীয় ৰাইজে এনেদৰে বন ধ্বংসযজ্ঞ অব্যাহত থাকিলে মুখ্য মন্ত্ৰীৰ সেউজ অসম বাস্তৱত ৰূপায়িত হ’বনে বুলিও প্ৰশ্ন উত্থাপন কৰে।

Related News