NORTHEAST NOW (Assamese)

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৪ জন আৰু আহত ১৪ জন

November 23, 2017 8:18 am · ৰমণী শৰ্মা, কলিয়াবৰ :
Updated: November 23, 2017 8:24 am

কলিয়াবৰৰ জখলাবন্ধাৰ আমগুৰিত  ট্ৰেভেলাৰ আৰু ৰন্ধন গেছ পৰিবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৪ জন লোক নিহত হোৱাৰ লগতে ১৪ জন লোক আহত। নিহতসকল হৈছে ম: চোৰাত খাঁ ( বৰদলং, জখলাবন্ধা ), অসীম কুমাৰ দে ( মিছা, কলিয়াবৰ), ডঃ প্ৰকাশ বৰুৱা ( যোৰহাট ), দিলীপ দাস ( ট্ৰেভেলাৰ খনৰ চালক ) । আহতসকলৰ ক্ৰমে প্ৰাঞ্জল বৰা, সাগৰ হাজৰিকা, জয়ছোৱান চৌহান, সীমান্ত হাজৰিকাৰ লগতে আৰু বহু কেইজনক প্ৰথমে জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে কেইবাজনকো নগাওঁ আৰু তেজপুৰলৈ প্ৰেৰণ কৰে।

Related News