কাইলৈৰ পৰা যোৰহাট অ’পেন টেনিছ প্রতিযোগিতা

ছদিনীয়া সূচীৰে কাইলৈৰ পৰা যোৰহাট টেনিছ ক্লাবত ২৬ সংখ্যক যোৰহাট অপেন টেনিছ আৰম্ভ হ’ব। সদৌ অসম টেনিছ সংস্থাৰ অধীনৰ এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ অন্ত পৰিব অহা ৩০ ডিচেম্বৰত। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা ২০০তকৈও অধিক প্ৰতিযোগীয়ে ভাগ লোৱাটো ইতিমধ্যে নিশ্চিত হৈছে বুলি টেনিছ সংস্থাৰ সূত্ৰটোৱে জানিবলৈ দিছে। কাইলৈ ৯.৩০ বজাত প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰিব আৰক্ষী মহা পৰিদৰ্শক ৰাজু ভাৰ্গৱে। আয়োজকে জনোৱা মতে প্ৰতিযোগিতাখনত খেলুৱৈসকলে ৰাজ্যিক ৰেংকিং পইণ্ট লাভ কৰাৰ উপৰি ট্ৰফি, প্ৰমাণপত্ৰও পাব। লগতে মুঠ ৬৯০০০ টকাৰ জলপানি আগ বঢ়োৱা হ’ব।

প্ৰতিযোগিতাখনত হ’ব লগীয়া বিভিন্ন শাখাকেইটা হ’ল : ল’ৰা ১২ বছৰ অনূৰ্ধ্ব, ল’ৰা ১৪ বছৰ অনূৰ্ধ্ব, ল’ৰা ১৮ বছৰ অনূৰ্ধ্ব, ছোৱালী ১৪ বছৰ অনূৰ্ধ্ব, ছোৱালী ১৮ বছৰ অনূৰ্ধ্ব, পুৰুষ ছিংগলছ, ল’ৰা ১৪ বছৰ অনূৰ্ধ্ব ডবলছ আৰু পুৰুষ ডবলছ।