কাইলৈ কমনৱেল্‌থ গেইমছৰ আন এক ফাইনেলত দৌৰিব হিমা দাসে

HimaDas

চলিত কমনৱেল্‌থ গেইমছত চমকপ্ৰদ প্ৰদৰ্শন কৰা অসমৰ হিমা দাসে কাইলৈ আন এখন ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। ৪x৪০০ মিটাৰ মহিলা ৰিলে’ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৰ অন্যতম সদস্যা হিমা।

হিমাৰ লগতে ৰিলে’ দলটোত আছে পশ্চিম বংগৰ ছোনিয়া বৈশ্য, কৰ্ণাটকৰ পূভাম্মা ৰাজু আৰু গুজৰাটৰ সৰিতাবেন গাইকোৱাড়।

ভাৰতৰ সময় অনুসৰি ফাইনেলখন হ’ব দুপৰীয়া ১২.০৮ বজাত। ভাৰতীয় দলটো যদি পদক লাভ কৰিবলৈ সক্ষম হয়, তেন্তে হিমা দাসৰ বাবে কমনৱেল্‌থ গেইমছৰ দৰে বৃহৎ প্ৰতিযোগিতাত এইটো হ’ব জীৱনৰ প্ৰথম পদক।

উল্লেখযোগ্য যে হিমা দাসে প্ৰথমবাৰ কমনৱেল্‌থ গেইমছত ভাগ লৈয়ে মহিলাৰ ৪০০ মিটাৰৰ ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ফাইনেলত ষষ্ঠ স্থানত ৰ’লেও নিজৰ কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। হিমাক ইতিমধ্যে ৰেইল বিভাগৰ চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে ৰেইল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে।