কাজিৰঙাত অনুষ্ঠিত প্ৰকৃতি শিৱিৰত কাষৰীয় গাঁৱৰ ছাত্ৰ-ছাত্ৰীক পৰিবেশ শিক্ষা প্ৰদান

কাজিৰঙাত প্ৰকৃতি শিৱিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে আয়োজিত তিনিদিনীয়া ব্যতিক্ৰমী প্ৰকৃতি শিৱিৰৰ বৃস্পতিবাৰৰ দিনা বিয়লি সফলতাৰে সামৰণি পৰে ৷ নেচাৰচ অৰিয়েন্টেচন ইনিচিয়েটিভ নামেৰে ২০০৭ চনতে আৰম্ভ হোৱা এই আৱাসিক শিৱিৰত এই বাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ মুঠ ২৯ খন গাওঁৰ ৪৭ গৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

১৫ মে’ ৰ পৰা কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ বিভাগীয় অতিথিশালাত অনুষ্ঠিত এই প্ৰকৃতি শিৱিৰত বিগত তিনিটা দিনত অংশ গ্ৰহণকাৰী ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন সমল ব্যক্তিয়ে বন আৰু প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন জ্ঞান প্ৰদান কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো দেখুৱা হয় ৷

কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই আৱাসিক শিৱিৰত কাজিৰঙা কৰ্তৃপক্ষই প্ৰকাশ কৰা কাজিৰঙাৰ ডায়েৰী নামৰ এখন সৰু পুস্তিকাও উন্মোচন কৰা হয় ৷

প্ৰকৃতি শিৱিৰত ৱৰ্ল্ড হেৰিটেজ হিৰো বঁটা প্ৰাপক আৰণ্যকৰ ড৹ বিভূতি প্ৰসাদ লহকৰ, বিশ্ব প্ৰকৃতি নিধিৰ ড৹ অনুপম শৰ্মা, ড৹ প্ৰনৱ জ্যোতি বৰা,  হিতেন বৈশ্য, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, আৰণ্যকৰ ড৹ ফিৰোজ আহমেদ, জয়ন্ত পাঠক, আৰিফ হোছেইন,  ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ডা৹ পানজিত বসুমতাৰী,  কৰবেট ফাউণ্ডেশ্যনৰ সুমন্ত কুণ্ডু আৰু দিব্যজ্যোতি শইকীয়া, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু বিভাগীয় পশু চিকিৎসক ডা৹ দেবব্ৰত ফুকন আৰু সেউজ বিশ্ব সংৰক্ষণ অভিযানৰ মনজিত পাতিৰ আৰু মুহিনন্দ পেগুৱে সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক বন্য প্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ ওপৰত বিভিন্ন ধৰণেৰে পাঠ দান কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে চৰাই নিৰীক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক পানবাৰী সংৰক্ষিত বনাঞ্চললৈ লৈ যোৱাৰ উপৰি বিভিন্ন ধৰণৰ পৰিবেশ ধেমালিও শিকোৱা হয় ৷ বৃহস্পতি বাৰে বিয়লি এই ব্যতিক্ৰমী প্ৰকৃতি শিৱিৰৰ সমৰণি পৰে ৷ শিৱিৰৰ সমাৱৰ্তন সমাৰোহত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক মান পত্ৰৰ লগতে কাজিৰঙাৰ একোটাকৈ বেজ প্ৰদান কৰা হয় ৷