NORTHEAST NOW (Assamese)

কাজিৰঙাত আৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী

December 10, 2017 6:08 pm · এন ই নাও নিউজ

যোৱা শুকুৰবাৰে ৰাতি কাজিৰঙাত স্পেচিয়েল টাস্ক ফ’ৰ্চ আৰু জখলাবন্ধা আৰক্ষীৰ এটা যুটীয়া বাহিনীৰ সৈতে চোৰাং চিকাৰীৰ গুলীয়াগুলী সংঘটিত হয়। এই কথা আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিয়ে। সূত্ৰটোৱে জনোৱা মতে চোৰাং চিকাৰীয়ে যোৱা শুকুৰবাৰৰ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বুঢ়া পাহাৰ ৰেঞ্জৰ ওচৰত অৱস্থান লোৱাৰ খবৰ পায় গঁড় সুৰক্ষাৰ বাবে গঠন কৰা বিশেষ বাহিনীয়ে। খবৰ পোৱাৰ পিছতে আৰক্ষীৰ সৈতে তেওঁলোকে অভিযান চলায় আৰু চোৰাং চিকাৰীৰ সৈতে সংঘৰ্ষ লাগে। অৱশ্যে কোনো হতাহতৰ কথা অস্বীকাৰ কৰে আৰক্ষীৰ সূত্ৰটোৱে। আনহাতে আন্ধাৰ আৰু ঘন অৰণ্যৰ বাবে চোৰাং চিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয়। জানিব পৰামতে চোৰাং চিকাৰীৰ দলটোত তিনিজন লোক আছিল আৰু তেওঁলোকৰ হাতত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আছিল। তেওঁলোকক দেখাৰ লগে লগে আৰক্ষীয়ে ৰ’বলৈ কয় যদিও তেওঁলোক পলাবলৈ ধৰে। তেতিয়া সুৰক্ষাকৰ্মীসকলে তেওঁলোকক লক্ষ্য কৰি গুলীয়ায়। প্ৰত্যুত্তৰত চোৰাং চিকাৰীকেইজনেও গুলী চলায়। প্ৰায় এঘণ্টামান দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলিছিল বুলি সূত্ৰটোৱে জনাইছে।

 

Related News