কাজিৰঙাত বনকৰা মহিলাক শাৰীৰিক নিৰ্যাতন ব্যৱসায়ীৰ

নিৰ্যাতন

কাজিৰঙাত শেহতীয়াকৈ এগৰাকী বনকৰা মহিলাক এজন ব্যৱসায়ীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ জনৈক শেখৰ বৈশ্য নামৰ এজন ব্যৱসায়ীয়ে অন্য ঠাইৰ পৰা আনি কাজিৰঙাৰ গেলেকীত থাকিবলৈ দিয়া এগৰাকী বনকৰা মহিলাক দীৰ্ঘদিন ধৰি শাৰীৰিক নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য মতে গুৱাহাটীৰ জনৈক শেখৰ বৈশ্যই কাজিৰঙাৰ গেলেকীত নিৰ্মাণ কৰা এটা ঘৰত আজিৰ পৰা প্ৰায় তিনিবছৰ মানৰ আগতে এগৰাকী মহিলাক বন কৰা মহিলা হিচাপে  ৰাখিছিল।

কিন্তু মহিলা গৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি কিছুদিনৰ পৰা মহিলাগৰাকীৰ শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে মহিলাগৰাকীৰ লগত থকা পাঁচ বছৰীয়া সন্তানটিকো প্ৰহাৰ কৰি আহিছিল।

আনকি বৈশ্যৰ মহিলাগৰাকীৰ ওপৰত নিৰ্যাতনৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছিল যে বুধবাৰে নিশা মহিলাগৰাকীক গুৱাহাটীস্থিত বৈশ্যই ফোনযোগে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ প্ৰস্তাৱ দিছিল। ফলত পাঁচ বছৰীয়া সন্তানৰ মাতৃ তথা মহিলা গৰাকীয়ে স্থানীয় ৰাইজৰ কাষ চাপে।

আনহাতে স্থানীয় ৰাইজে এই সন্দৰ্ভত জানিব পাৰি লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু মহিলা গৰাকীক স্থানীয় আৰক্ষীৰ হাতত চমজাই দিয়ে।

মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বৈশ্যৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

অৱশ্যে অভিযুক্ত বৈশ্য বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। ইফালে স্থানীয় ৰাইজে আৰক্ষীক দোষীক অতি শীঘ্ৰে আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।