কাজিৰঙাৰ কঁহৰাত চলি থকা হাইলেণ্ডৰ নিৰ্মাণ বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ ভিতৰত নিৰ্মাণ কৰি থকা হাইলেণ্ড সমূহ পৰিদৰ্শন কৰি এই সমূহৰ নিৰ্মাণ বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বেছি ভাগ ঠাই পানীত বুৰ যোৱাৰ ফলত এই ওখ ঠাই তথা হাইলেণ্ড সমূহ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে বন্যপ্ৰাণী সমূহে যাতে নিৰাপদে আশ্ৰয় গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই হাইলেণ্ড সমূহৰ নিৰ্মাণকাৰ্য বাৰিষাৰ পূৰ্বে সমাপন কৰাটো অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ইয়াৰ বাবে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰি এই নিৰ্মাণকাৰ্য শীঘ্ৰে সমাপন কৰাৰ ব্যৱস্থা ল’বলৈ বন বিভাগক নিৰ্দেশ দিয়ে।

পৰিদৰ্শনকালতে মুখ্য মন্ত্ৰী গৰাকীয়ে তৃণভোজী প্ৰাণী সমূহে যাতে বাৰিষা খাদ্য লাভ কৰিব পাৰে তাৰ বাবে হাইলেণ্ড সমূহত পৰ্যাপ্ত পৰিমাণৰ গছ পুলি ৰোপণ, বাৰিষা ৰোগাক্ৰান্ত বন্যপ্ৰাণী সমূহক যাতে হাইলেণ্ড সমূহতে চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰে তাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তাৰোপৰি বানপানীৰ পিছত পৰ্যটনৰ সময়ছোৱাত পৰ্যটক সকলে যাতে এই হাইলেণ্ড সমূহৰ পৰা কাজিৰঙাৰ নৈসৰ্গিক দৃশ্যৰ লগতে বন্যপ্ৰাণী সমূহ প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে হাইলেণ্ড সমূহক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে ৰূপান্তৰৰ পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে বন বিভাগক নিৰ্দেশ দিয়ে।

আজিৰ পৰিদৰ্শনকালত মুখ্য মন্ত্ৰীৰ লগত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতিও উপস্থিত আছিল।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে কহঁৰাত সংশ্লিষ্ট বিভাগৰ মূৰব্বীসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত ৫ খন জিলা ক্ৰমে নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলেও অংশ গ্ৰহণ কৰে।