কাজিৰঙাৰ কাষৰীয়া অঞ্চলৰ কুকুৰৰ তেজৰ নমুনা সংগ্ৰহ পশু চিকিৎসকৰ

IMG-20180809-WA0020

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ কাষৰীয়া অঞ্চলত মুক্ত বিচৰণ কৰি ফুৰা কুকুৰ বোৰৰ তেজৰ নমুনা সংগ্ৰহ কৰি ৰোগ নিৰূপণৰ কাম আজিৰ পৰা আৰম্ভ কৰিছে পশু চিকিৎসকৰ এটা দলে৷

জাষ্ট বি ফ্ৰেণ্ডলি নামৰ বেচৰকাৰী সংগঠন এটাৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু মেঘালয়ৰ বৰাপানীত থকা ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ সহযোগিতাত আজি পুৱাৰ পৰা কাজিৰঙাৰ কাষৰীয় অঞ্চলত জালেৰে কুকুৰ ধৰি তেজৰ নমুনা সংগ্ৰহ কৰি থকা হৈছে৷

কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডাঃ দেৱব্ৰত ফুকন আৰু পশু চিকিৎসক ডাঃ বিশ্বজিত বৰুৱাৰ নেতৃত্বত জে বি এফ ৰ তিনি গৰাকী স্বেচ্ছা সেৱকৰ দলে আজি পুৱাৰ পৰাই কুকুৰ ধৰি তেজৰ নমুনা সংগ্ৰহ কৰে৷

সংগৃহীত তেজৰ এই নমুনা বৰাপানীৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ  গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। গৱেষণাগাৰৰ পৰীক্ষাৰ শেষত নিৰূপণ কৰা ৰোগৰ আধাৰত অঞ্চলটোত কুকুৰক বিভিন্ন প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি জনায় ডাঃ দেবব্ৰত ফুকনে৷

বিশেষকৈ জলাতাংক আৰু কেনাইন ডিচটেম্পাৰ নামৰ ৰোগৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব বুলি ডাঃ ফুকনে জনায়৷ কাষৰীয় অঞ্চলৰ কুকুৰৰ পৰা  এনে বোৰ ভয়ঙ্কৰ ৰোগ যাতে মানুহৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ শৰীৰলৈ সংক্ৰমন হ’ব নোৱাৰে তাৰ বাবেই এই অভিযান আৰম্ভ কৰা হৈছে বুলি ডাঃ ফুকনে জনায়।

উল্লেখ্য যে গৱেষকসকলে কেনাইন ডিষ্টেম্পাৰৰ দৰে মাৰাত্মক ৰোগক লৈ শংকিত হৈ পৰিছে৷ শেষতীয়াকৈ কাজিৰঙাৰ মিহিমুখ,  চহলা আদি বিভিন্ন অঞ্চলত বহুতো কুকুৰৰ অনুপ্ৰৱেশ ঘটিছে আৰু ই বন্যপ্ৰাণীৰ বাবে ভাবুকি কঢ়িয়াই আনিছে।