কাজিৰঙাৰ কাষৰীয় গাৱঁত গৰু-ম’হৰ বাবে চবকা ৰোগৰ বিনামূলীয়া প্ৰতিষেধক

Vaccination program at Kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বনৰীয়া জীৱ-জন্তু সমূহৰ শৰীৰলৈ চৌকাষে থকা গাৱঁৰ পশুধনৰ পৰা যাতে ৰোগৰ সংক্ৰমন নহয় তাৰ উদ্দেশ্যে উদ্যানখনৰ কৰ্তৃপক্ষই সমীপৰ গাওঁ বোৰৰ পশুধনক চবকা ৰোগ প্ৰতিষেধক প্ৰদানৰ এক অভিযান আৰম্ভ কৰে।

চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু পশু চিকিৎসা বিভাগৰ যৌথ উদ্যোগত বেচৰকাৰী সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ বিশেষ সহযোগত ৰাষ্ট্ৰীয় উদ্যান খনৰ কেউটা ৰেঞ্জৰ কাষৰীয় গাওঁবোৰত পশু ধনৰ চবকা ৰোগৰ প্ৰতিষেধক বেজি দিয়াৰ এই অভিযান চলি আছে ৷

এই উদ্দেশ্যে ১০ মাৰ্চত কহঁৰা ৰেঞ্জৰ তিনিখন গাৱঁৰ ৫৬১ টা পশুধনক এই প্ৰতিষেধক দিয়া হয় ৷

উল্লেখযোগ্য যে উক্ত অভিযানটোৰ অন্তৰ্গত ইতিমধ্যে বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ উদ্যোগত অগৰাতলি বনাঞ্চলৰ কাষৰীয় ২০ খন গাৱঁৰ ৩৩৩৪ টা পশুধনক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

ইয়াৰ উপৰি অহা ২২ মাৰ্চৰ ভিতৰত কহঁৰা বনাঞ্চলৰ কাষৰীয় গাওঁ বোৰতো এই প্ৰতিষেধক দি অভিযান সামৰা হব ৷

উক্ত প্ৰতিষেধক অভিযানে গাৱঁৰ জনসাধাৰণৰ পশুধনৰ কল্যাণৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীকো নিৰাপত্তা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷

অগৰাতলিৰ লগতে কাজিৰঙাৰ বুঢ়াপাহাৰ আৰু বাগৰি ৰেঞ্জতো সমান্তৰালকৈ পশু ধনৰ প্ৰতিষেধক দিয়াৰ কাম চলি আছে ৷ বুঢ়াপাহাৰৰ কাষৰীয় কেইবাখন গাৱঁৰ মুঠ ১৩৩৪ টা পশুধন আৰু বাগৰি ৰেঞ্জত ৮ খন গাৱঁৰ মুঠ ১৫০০ পশুধনক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয়।