নগাঁৱৰ কামপুৰৰ ৰাজপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুজনৰ মৃত্যু

যোৱা দেওবাৰে নিশা নগাঁও জিলাৰ ৰাজপথত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়৷ উল্লেখযোগ্য যে কামপুৰ-ৰহা পথৰ বাৰেগোগাত দ্ৰুতবেগী মটৰচাইকেল আৰু স্কুটাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে লোক দুজনৰ মৃত্যু ঘটা বুলি প্ৰকাশ কৰে প্ৰত্যক্ষদৰ্শী সকলে।

জানিব পৰা মতে নিহত লোক দুজন কামপুৰ বাৰেগোগাৰ ধৰ্মেন্দ্ৰ লস্কৰ আৰু আনজন নগাঁৱৰ বৰভেটিৰ দীপাংকৰ বৰদলৈ। এখন স্কুটাৰত তিনিগৰাকী লোকে ৰাজপথেৰে আহি থকা অৱস্থাত পথ দুৰ্ঘটনাটো সংঘটিত হয়। আহত লোক দুজন স্থানীয় বিতু লস্কৰ আৰু সঞ্জীৱ লস্কৰ বুলি জানিব পৰা গৈছে। আহত দুয়োজনকে সংকটজনক অৱস্থাত স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS-02-B-3774 আৰু  AS-02-N-0522৷ বাৰেগোগাৰ আত্মীয়ৰ ঘৰত দীপাংকৰ বৰদলৈয়ে আলহী খাব আহিছিল আৰু নিশা আত্মীয় ঘৰৰ পৰা AS-02-B-3774 নম্বৰৰ স্কুটাৰেৰে দীপাংকৰ সহ তিনিজনকৈ লোক আহি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা AS-02-N-0522 নম্বৰৰ মটৰচাইকেলৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত স্কুটাৰ আৰোহী তিনিজনৰ ভিতৰত দুজন থিতাতে নিহত হয়।

ঘটনাটোৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।