কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

গৰমৰ দিনত আনকি ঠাণ্ডাৰ দিনতো বহুতৰে কাষলতিৰ তলৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে। এনে দুৰ্গন্ধই কেৱল নিজকেই নহয়, কাষত থকা সকলকো আমনি দিয়ে। ফলত কাষলতি তলৰ পৰা দুৰ্গন্ধ ওলোৱা ব্যক্তিসকলে ৰে’ল বা বাছেৰে ভ্ৰমণৰ সময়ত, অফিচ বা শ্ৰেণীকোঠাত প্ৰায়ে লাজ পাবলগীয়া হয়। সোনকালেই কাষলতিৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সমস্যাৰ সমাধান নকৰিলে ই জটিল ছালৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। গতিকে কাষলতিৰ তলৰ পৰা দুৰ্গন্ধ ওলোৱা আৰম্ভ কৰিলেই তাক নিৰাময় কৰক। 

কাষলতিৰ তলৰ পৰা ওলোৱা দুৰ্গন্ধ কি দৰে নোহোৱা কৰিব ?

১) দিনেই হওক বা ৰাতি হওক এই গ্ৰীষ্মকালত কোনো ধৰণৰ অস্বস্তিকৰ বা ডাঠ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। ইয়াৰ পৰিৱৰ্তে কপাহ বা লিনেনৰ লঘু আৰু আৰামদায়ক কাপোৰ পৰিধান কৰক।

২) গা ধোৱাৰ পিছত আৰু নিশা শোৱাৰ আগতে কাষলতিত এন্টিপাৰ্স্পিৰেণ্ট ব্যৱহাৰ কৰিব। 

৩) কাষলতি সদায় পৰিষ্কাৰ কৰি ৰাখক। পাৰিলে কাষলতি তলৰ নোম চিকুণাই ৰাখিব। গা ধোৱাৰ সময়ত চাবোনেৰে ভালকৈ কাষলতি পৰিস্কাৰ কৰিব।

৪) কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰি চলক। কাৰণ বেছিকৈ কেফেইনযুক্ত পানীয় যেনে চাহ, কফি আদি সেৱন কৰিলে শৰীৰত ঘামৰ পৰিমাণ বৃদ্ধি পায়।

৫) পৰ্যাপ্ত পৰিমাণে পানী খাওঁক।পানীয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ঘামত থকা দুৰ্গন্ধৰ পৰিমাণো কম কৰিব পাৰে। গতিকে দিনত কমেও ৮/১০ গিলাচ পানী খাওঁক।