কাৰিকৰী শিক্ষাৰ আসন সংৰক্ষণৰ বাবে কৰা জনস্বাৰ্থ জড়িত আৱেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati-High-Court-678x381

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এক ৰায়দানযোগে কাৰিকৰী আসন সংৰক্ষণ কৰাৰ বাবে চাকমা ষ্টুডেণ্টছ ইউনিয়নৰ তৰফৰ দাখিল কৰা এখন জনস্বাৰ্থজড়িত আৱেদন খাৰিজ কৰে। চাকমা ষ্টুডেণ্টছ ইউনিয়নৰ হৈ ওকালতি কৰা অধিবক্তাসকল বাৰে বাৰে আদালতত উপস্থিত থকাৰ পৰা বিৰত থকা হেতুকে এই আৱেদনখন ন্যায়লয়ে খাৰিজ কৰে।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে কেইবাবাৰো অনুপস্থিত থকাৰ পাছত খণ্ড বিচাৰপীঠৰ  নিৰ্দেশমৰ্মে বিচাৰপীঠখনৰ পঞ্জীয়কে ছাত্ৰ সংগঠনৰ অধিবক্তাসকলক হাজিৰ হোৱাৰ বাবে টেলিফোনযোগে অৱগত কৰিছিল যদিও তেওঁলোক হাজিৰ হোৱাত ব্যৰ্থ হৈছিল। খণ্ড বিচাৰপীঠৰ বাৰ বাৰ নিৰ্দেশৰ পাছতো ছাত্ৰ সংগঠনটোৰ অধিবক্তাসকল আদালতত হাজিৰ নোহোৱাত বিচাৰক এম আৰ পাঠক আৰু বিচাৰক মাইকেল জোথানখুমাৰ বিচাৰপীঠখনে আজি চাকমা ষ্টুডেণ্টছ ইউনিয়ন বনাম মিজোৰাম চৰকাৰৰ ডব্লিউ পি চি (পি আই এল) নং. ২০১৭ৰ ১৬/ ২০১৬ৰ ৪৯ জনস্বাৰ্থজড়িত আৱেদনখন খাৰিজ কৰে।

উল্লেখ্য যে মিজোৰাম চৰকাৰে ৰাজ্যৰ কাৰিকৰী প্ৰৱেশ পৰীক্ষাৰ নিয়ম সংশোধন কৰি অ-জনগোষ্ঠীয় জো ছাত্ৰসকলৰ কেটেগৰি-১ ৰদ কৰাৰ পাছত যোৱা বছৰ মিজোৰাম চাকমা ষ্টুডেণ্টছ ইউনিয়নে বিষয়টো লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

ছাত্ৰ সংগঠনটোৰ জনস্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ কাৰিকৰী শিক্ষাৰ নতুন নিয়মাৱলীত মহবিদ্যালয়ত নামভৰ্তি কৰিব বিছৰা খিলঞ্জীয়া জো সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক কেটেগৰি-১ত অন্তৰ্ভুক্তকৰণত স্থগিতাদেশ জাৰী কৰিছিল।