কাৰ্বি কৃষক সংস্থাৰ প্ৰতিষ্ঠা দিৱস : জৈৱিক পদ্ধতিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান

 

যোৱা ৬ ডিচেম্বৰত কাৰ্বি কৃষক সংস্থাৰ ( Karbi Farmers Association (KFA)) সপ্তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। জয়সিং দলে অ’ডিটৰিয়ামত এই উপলক্ষে অনুষ্ঠিত সভাত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্য অমৰচিং তিচোৱে উপস্থিতসকলক সম্বোধন কৰি কয় যে খেতিক আমি পেচা হিচাপে লোৱা উচিত। তেওঁ লগতে কাৰ্বি আংলঙৰ কৃষকসকলক জৈৱিক পদ্ধিতত খেতি কৰিবলৈও আহ্বান জনায়। কৃত্ৰিম সাৰ প্ৰয়োগ আৰু অত্যাধুনিক পদ্ধতিৰ প্ৰয়োগে মাটি আৰু উৎপাদিত শস্যৰ গুণাগুণ নষ্ট কৰে বুলিও তেওঁ কয়। ‘পাহাৰীয়া জিলাখনত কৃষি ক্ষেত্ৰৰ বিকাশ কৰিবলৈ হ’লে আমি জৈৱিক পদ্ধতিত খেতি কৰিব লাগিব।’ তেওঁ এইদৰে কয়। তাৰ উপৰি তেওঁ পাঞ্জাব আৰু কেৰালাৰ উদাহৰণ দি কয়, পাঞ্জাব আৰু কেৰালাৰ দৰে ৰাজ্যই খেতিবাতিত সৰ্বাধিক গুৰুত্ব দিয়ে। আৰু আমি ইয়াত চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকো। খেতিৰ অবিহনে মানুহ পৃথিৱীত বৰ্তি থাকিব নোৱাৰে। তেওঁ কাৰ্বি আংলঙৰ অৰ্থনৈতিক উন্নয়নৰ বাবে খেতিক প্ৰধানকৈ গুৰুত্ব দিয়ে। আমি কেৱল খাই-বৈ জীয়াই থাকিবৰ বাবে খেতি কৰা উচিত নহয়। আমি বহল পৰিসৰত ইয়াক কৰিবলৈ শিকিব লাগে। কাৰ্বি কৃষক সংস্থাই সকলো কৃষকক প্ৰয়োজনীয় সহায়-সমৰ্থন দিব। অনুষ্ঠানটোত তেওঁৰ লগতে আন এগৰাকী কাৰ্য্যবাহী সদস্য ৰামচিং তিমুং, পাৰ্বত্য জনজাতি সংঘৰ আহ্বায়ক চিয়াচিং ৰংপি আদি উপস্থিত আছিল।

আনহাতে এই কাৰ্বি কৃষক সংস্থাৰে চামচিং হানচে নেতৃত্বাধীন আন এটা গোটেও এই দিৱসটো উদযাপন কৰে। তেওঁলোকে দেনগাওঁ স্প’ৰ্ট খেলপথাৰত অনুষ্ঠান পাতে। তাত পতা সভাখনত পশুপালন বিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্য টৰেন্দ্ৰ ব্ৰহ্ম, জিলা পশুপালন বিষয়া নীলকমল কলিতা, জিলা মীন উন্নয়ন বিষয়া ৰত্নেশ্বৰ তেৰন আদিসকল উপস্থিত আছিল।

 

 

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

Recent News