কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীক মুখ্য মন্ত্ৰীৰ সাক্ষাৎ : বিশ্ব বিনিয়োগ সন্মিলনলৈ আমন্ত্ৰণ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীক তেওঁৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰি অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত ৰাজ্যখনত হ’ব লগীয়া গুৰুত্বপূৰ্ণ বিশ্ব বিনিয়োগ সন্মিলনলৈ আমন্ত্ৰণ জনায়। গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে হ’ব লগীয়া এই বিনিয়োগ মেলাখনত উপস্থিত থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগ বঢ়াবলৈ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীজনক অনুৰোধ জনায়।

কেন্দ্ৰীয় মন্ত্ৰীজনে অসমৰ মুখ্য মন্ত্ৰীজনৰ এই অনুৰোধ ৰক্ষা কৰি বিশ্ব বিনিয়োগ সন্মিলনখনত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সহায় আগ বঢ়াব বুলিও আশ্বাস দিয়ে।

আনহাতে সাক্ষাৎকালত সোণোৱালে বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰস্তুতিৰ সকলোবোৰ দিশ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগত দাঙি ধৰাৰ লগতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কি কি পদক্ষেপ লৈছে সেই বিষয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বিশ্বৰ, বিশেষকৈ আছিয়ান দেশবোৰৰ বৃহৎ বিনিয়োগকাৰীক অসমত বিনিয়োগ কৰোৱাৰ বাবে সন্মত কৰাবলৈ অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত এখন বিনিয়োগ সন্মিলন ৰাজ্য চৰকাৰখনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। এই সন্মিলনত যাতে অধিকৰো অধিক বিনিয়োগকাৰীক অংশ গ্ৰহণ কৰোৱাব পাৰি, সেই উদ্দেশ্যে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীয়ে যোৱা প্ৰায় এমাহৰ পৰা দেশ-বিদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি, ৰোড শ্ব’ পাতি বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰি আহিছে আৰু তেওঁলোকক সন্মিলনখনত ভাগ ল’বলৈ আমন্ত্ৰণ তথা উৎসাহ জনাই আহিছে।