কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰা স্বপ্ননীলক অভিনন্দন নাগালেণ্ডৰ ৰাজ্যপালৰ

pb-acharya-678x381

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই ডিমাপুৰৰ পৰা ২০১৭ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (মেইনছ) পৰীক্ষাত ভাৰতৰ ভিতৰতে ৬৪তম স্থান লাভ কৰা স্বপ্ননীল পৌলক অভিনন্দন জ্ঞাপন কৰে।

ৰাজ্যপলে তেওঁৰ অভিনন্দন বাৰ্তাত কয় যে স্বপ্ননীলৰ কৃতকাৰ্যতাই তেওঁৰ পৰিয়ালকেই নহয়, সমগ্ৰ ৰাজ্যখনকেই গৌৰৱান্বিত কৰিলে। আহিবলগীয়া সময়চোৱাত স্বপ্ননীলে সমাজৰ বাবে ইতিবাচক কৰ্মেৰে বৰঙণি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা খণ্ড বিচাৰপীঠৰ অধিবক্তা পি বি পৌলৰ পুত্ৰ স্বপ্ননীলে ডিমাপুৰ হলীক্ৰছ হাইস্কুলৰ প্ৰক্তন ছাত্ৰ। ২০০৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ ৬ষ্ঠ স্থান লাভ কৰিছিল। তাৰ পাছত স্বপ্ননীলে অভিযন্তা হোৱাৰ মানসেৰে শিলচৰৰ নেশ্যনেল টেকন’লজি ইণ্সটিটিউটত নামভৰ্তি কৰে। ২০১৬ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাত স্বপ্ননীলে উত্তীৰ্ণ হৈ ভাৰতীয় ডাক সেৱা বিষয়া হিচাপে নিয়োজিত হয়। তাৰ পাছত তেওং দ্বিতীয় বাৰৰ বাৰৰ প্ৰচেষ্টাত ২০১৭ বৰ্ষত ৰাজহ সেৱাৰ (Indian Revenue Service) বিষয়া হিচাপে নিয়োজিত হয়। তাৰ পাছতো পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ  এইবাৰ স্বপ্ননীলে ভাৰতৰ ভিতৰত ৬৪ সংখ্যক স্থান লাভ কৰি তেওঁৰ সপোনৰ পদ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হয়।

অভিনন্দন বাৰ্তাটোত ৰাজ্যপালে স্বপ্ননীলৰ পিতৃ-মাতৃ, শিক্ষকসকল আৰু বন্ধু-বান্ধৱসকলকো অভিনন্দন জনাই কয় যে তেওঁলোকৰ সমৰ্থন আৰু পথ প্ৰদৰ্শন অবিহনে স্বপ্ননীলে কৃতকাৰ্য হ’ব নোৱাৰিলেহেতেন। স্বপ্ননীলৰ পিতৃয়ে স্বপ্ননীলৰ বিষয়ে কয় যে তেওঁ এজন কঠোৰ পৰশ্ৰমী শিক্ষাৰ্থী। দেউতাকে কয় যে তেওঁ স্বপ্ননীলক এজন চিকিৎসক হোৱাটো বিচাৰিছিল যদিও স্বপ্ননীলে ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰ হয় আৰু অৱশেষত নিজৰ লক্ষ্য এজন প্ৰশাসনিক বিষয়া হোৱাৰ স্বপ্ন সফল কৰে।