• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতিৰ সংশোধন : আত্মসমৰ্পণ কৰা বিদ্ৰোহীয়ে পূৰ্বৰ ১ লাখৰ ঠাইত পাব ৪ লাখকৈ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2018 11:14 am
surrender-cum-rehabilitation
114
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে থকা ১৯৯৮ চনৰ আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতিৰ কিছু উল্লেখযোগ্য সংশোধন ঘটাইছে। এই সংশোধনী মতে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটবোৰৰ মূল সুঁতিলৈ ঘূৰি অহা, অৰ্থাৎ আত্মসমৰ্পণ কৰা সদস্যসকললৈ চৰকাৰে আগ বঢ়োৱা আৰ্থিক মঞ্জুৰি পূৰ্বৰ ১ লাখ টকাৰ ঠাইত ৪ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। এই ধন তাৎক্ষণিক মঞ্জুৰি হিচাপে লাভ কৰিব। আনহাতে, এই আত্মসমৰ্পণকাৰীসকলে বৰ্তমান লাভ কৰি থকা পাৰিতোষিক ৩৫০০ টকাৰ পৰা ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

উল্লেখযোগ্য যে বিদ্ৰোহৰ ভাবেৰে পৰিচালিত হৈ বিভিন্ন বিদ্ৰোহী গোট চলোৱা বা এইবোৰত যোগদান কৰা উত্তৰ-পূবৰ যুৱকসকলক উগ্ৰপন্থাৰ পৰা আঁতৰাই অনাৰ লক্ষ্যেৰে ১৯৯৮ চনত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে উক্ত আত্মসমৰ্পণ আৰু পুনৰ সংস্থাপন নীতি প্ৰচলন কৰিছিল। ইয়াৰ অধীনত চৰকাৰ বহুতো যুৱক-যুৱতীক উগ্ৰপন্থা এৰি ঘাইসুঁতিলৈ আনিবলৈ সক্ষম হৈছিল।

অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে বিদ্ৰোহ আৰু উগ্ৰপন্থাত লিপ্ত অধিক সংখ্যক যুৱক-যুৱতীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে এই সংশোধন কৰা হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই কয়। এই সংশোধনীবোৰ ১ এপ্ৰিল, ২০১৮ৰ পৰা কাৰ্যকৰী হ’ব বুলি সূত্ৰটোৱে কয়।

সূত্ৰটোৱে আৰু জনোৱামতে, অস্ত্ৰ-শস্ত্ৰ ত্যাগৰ বাবে উদগনি হিচাপে দিয়া ধনৰ পৰিমাণ ১০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। আত্মসমৰ্পণ কৰা সকলো বিদ্ৰোহী-উগ্ৰপন্থীক স্ব-নিয়োজনৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হ’ব, পুনৰ সংস্থাপন শিবিৰ নিৰ্মাণৰ বাবে পুঁজি দিয়া হ’ব। লগতে আত্মসমৰ্পণ কৰাসকলৰ বাবে আধাৰ বায়’মেট্ৰিক ৰেজিষ্ট্ৰেইশ্যন বাধ্যতামূলক কৰা হ’ব বুলিও সূত্ৰটোত কোৱা হৈছে।

আনহাতে, সংশোধিত নীতি মতে, উগ্ৰপন্থীৰ হিংসাত্মক ঘটনাত যিকোনো অসামৰিক লোকৰ মৃত্যু হ’লে পূৰ্বৰ  ১ লাখ টকাৰ ঠাইত ২ লাখ টকাৰ এককালীন সাহায্য দিয়া হ’ব। আৰক্ষী লোকৰ মৃত্যু হ’লে ক্ষতিপূৰণ হিচাপে ৩ লাখ টকাৰ ঠাইত এতিয়াৰ পৰা ২০ লাখ টকা দিয়া হ’ব।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd