NORTHEAST NOW (Assamese)

কেৰালাৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়েৰে সন্তোষ ট্ৰফিৰ পৰা বিদায় মিজোৰামৰ

March 30, 2018 10:35 pm · এন ই নাও নিউজ

কেৰালাৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়েৰে সন্তোষ ট্ৰফিৰ পৰা বিদায় লৈছে মিজোৰামে। বিকল্প খেলুৱৈ ভি কে’ আফদলে দিয়া একমাত্ৰ গ’লটোৰ জড়িয়তে কেৰালাই মিজোৰামক ১-০ গ’লত পৰাজিত কৰে।

সকলো বিভাগতে আধিপত্য বিস্তাৰ কৰা সত্ত্বেও সুযোগক গ’ললৈ ৰূপান্তৰ কৰিব নোৱৰা বাবে খেলখনত মিজো দলটো পৰাস্ত হ’ব লগা হয়।

কেৰালাৰ তাৰকা খেলুৱৈ জিথিন এম এচে দিয়া এটা সুন্দৰ পাছ এজন ফৰৱাৰ্ডে আয়ত্ত কৰিবলৈ বিফল হোৱাৰ পিছত আফদলে ঠাণ্ডা মগজুৰে গ’লটো দিবলৈ সক্ষম হয়।

আনখন খেলত ডিফেণ্ডিং চেম্পিয়ন পশ্চিম বংগই কৰ্নাটকক ২-০ গ’লত পৰাজিত কৰে। বংগৰ অধিনায়ক জিতেন মুৰ্মুৱে প্ৰথমটো গ’ল দিয়াৰ পিছত খেলৰ শেষ মুহূৰ্তত তীৰ্থংকৰ সৰকাৰে অন্তিমটো গ’ল দিয়ে।

কটকত হোৱা সন্তোষ ট্ৰফিৰ ১৯৯৪ চনৰ ফাইনেলত শেষবাৰৰ কাৰণে ৫ বাৰৰ বিজয়ী কেৰালা ৩২ বাৰৰ বিজয়ী পশ্চিম বংগৰ মুখামুখি হৈছিল।

Related News