বিটিচিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কোকৰাঝাৰত চলিত মাহৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে অসম সত্ৰ মহাসভাৰ ৫২ সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশন অনুস্থিত হ’ব। কোকৰাঝাৰ সদৰ চহৰস্থিত কোকৰাঝাৰ ৰাস পথাৰত উদযাপন কৰিবলৈ লোৱা অনুস্থানটো সাফল্য মণ্ডিত কৰিবলৈ ইতিমধ্যে বিটিচিৰ কাৰ্য্যবাহী সদস্য দনেস্বৰ গয়াৰীক সভাপতি, কাৰ্যকৰী সভাপতি হিচাপে উদ্বৱ চন্দ্ৰ পাঠক আৰু কৃষ্ণ মহন্তৰ লগতে নয়ন জ্যোতি দাসক গুৰুত্বপূৰ্ণ বিষয়বাবৰ দায়িত্ব দি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে।
ইতিমধ্যে পূৰ্ণাংগ অধিবেশনখনৰ বাবে উদযাপন সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। অভ্যৰ্থনা সমিতিৰ সভাপতি দনেস্বৰ গয়াৰীৰ উপস্থিতিত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে অধিবেশনথলীত সংবাদমেলৰ জৰিয়তে সদৰী কৰে যে মহাপুৰুষ গুৰুজনাৰ মহান আদৰ্শেৰে সমাজত ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাণীৰ ভাৱনাৰে এখন বৰ অসম গঢ়াৰ মানসেৰে গঠিত অসম সত্ৰ মহাসভা। এই মহাসভাৰ ১০২ বছৰীয়া সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত ৫১ সংখ্যক দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখন এইবেলি কোকৰাঝাৰ নামঘৰ আৰু জিলা সত্ৰ মহাসভাৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা হৈছে।
উক্ত তিনিদিনীয়া অধিবেশনত ৰাজ্যৰ বিশেষকৈ মাজুলীৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ পৰা বহু সত্ৰাধিকাৰ, প্ৰতিনিধি আৰু ভক্ত সকলে অংশগ্ৰহণ কৰিব। তাৰোপৰি মুকলি সভাত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব। অধিবেশনত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অধিবেশনৰ দিনা যাতে কোনো দল সংগঠনে কোনো ধৰণৰ বন্ধ প্ৰতিবাদ কাৰ্য্যসূচী নলয় তাৰবাবে কাতৰ অনুৰোধ কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি দনেস্বৰ গয়াৰীয়ে।