NORTHEAST NOW (Assamese)

কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ ইণ্টাৰ ক্লাব ছুপাৰ ডিভিজন ফুটবল লীগ

June 3, 2018 10:01 pm · ৰিনয় বসুমতাৰী
প্ৰতিনিধিত্বমূলক চিত্ৰ

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত দেওবাৰৰ পৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰয়াত ৰবীৰাম বসুমতাৰী সোঁৱৰণী ইণ্টাৰ ক্লাব ছুপাৰ ডিভিজন ফুটবল লীগ আৰম্ভ হয়।

বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় লোকৰ উপস্থিতিত জিলাখনৰ অতিকৈ গুৰুত্বপূৰ্ণ ফুটবল লিগৰ শুভাৰম্ভণি কৰে।

চাৰফানগুৰিৰ চানচ্ৰাঙ স্পোৰ্টছ ক্লাব আৰু আদাবাৰীৰ চাৰোনথাই ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি মেচত চানচ্ৰাঙ স্পোৰ্টছ ক্লাবে চাৰোনথাই ফুটবল ক্লাবক ৩-০ ৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৯ টা আগশাৰীৰ ক্লাবে ছুপাৰ ডিভিজন ফুটবল লিগত অংশগ্ৰহণ কৰিব বুলি আয়োজক সংস্থাই জানিবলৈ দিয়ে।

Related News