কোকৰাঝাৰত সদৌ বিটিএডি অনুসূচীত জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

BTAD protest-

বিটিএডিত বাস কৰা অনুসূচীত জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ বিটিএডি অনুসুচীত জনজাতি ছাত্ৰসন্থা নামৰ সংগঠনটোৱে কোকৰাঝাৰৰ  জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ শিশু উদ্যানখনৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সদৌ বিটিএডি অনুসুচীত জনজাতি ছাত্ৰসন্থাৰ প্ৰায় দুশৰো অধিক কৰ্মকৰ্তা আৰু তেওঁলোকৰ সমৰ্থনত অন্য সাধাৰণ জনতাই পুৱা ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড আৰু ফেষ্টুন লৈ তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে শ্লোগান দিয়ে।

কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখী আৰু বিটিছিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সদৌ বিটিএডি অনুসূচীত জনজাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ সৰকাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে বিভিন্ন বিষয় আৰু দাবীৰ সমৰ্থনত তেওঁলোকে ২ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। তেওঁলোকে দাবী কৰিছে যে বিটিচি এলেকাত বাস কৰা অনুসূচীত জনজাতিৰ শিক্ষিত, মেধাসম্পন্ন নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে চাকৰি সংৰক্ষণ কৰাৰ বাবে দাবী তোলে।

সৰকাৰে আৰু কয় যে সন্থাই বিটিচি কৰ্তৃপক্ষৰ ওপৰত দাবী জনাইছে যে অন্য সম্প্ৰদায়সমূহৰ দৰে সমানে উন্নতি কৰাৰ বাবে ৪০খন এম চি এল এত অনুসূচীত জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত কৰি ৰাখিব লাগে। সৰকাৰে অভিযোগ কৰিছে যে বিটিচি চৰকাৰে অনুসূচীত সম্প্ৰদায়সূহক বিকাশৰ গাঁথনিৰ মাজলৈ লৈ অনাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

সন্থাই আৰু দাবী কৰিছে যে ভিতৰুৱা এলেকাত বাস কৰা অনুসূচীত জনজাতি লোকসকলক খোৱা পানী, বিদ্যুত, যাতায়াতৰ বাবে বাট-পথ, মেট্ৰিকত অৱতীৰ্ণ হোৱা আৰু উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা কৰা, বন আৰু ৰাজহ ভূমি প্ৰদান কৰা হওক।

উললএখ্য যে ২০১৫ চনতে বিটিচি চৰকাৰে ঘোষণা কৰিছিল যে প্ৰতিটো ভূমিহীন অনুসূচীত জনজাতি পৰিয়ালক ১ বিঘা ১১ লেচা ভূমি প্ৰদান কৰা হ’ব।