NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ জিলা উপায়ুক্তক লগ ধৰি এন আৰ চিৰ অগ্ৰগতিৰ বুজ লয় তিনি সংগঠনৰ নেতৃবৃন্দই

December 21, 2017 3:28 pm · ৰিনয় বসুমতাৰী

এন আৰ চিৰ খছৰা তালিকা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে আজি আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হক সহিতে তিনিওটা সংগঠনৰ যৌথ প্ৰতিনিধি দলে আজি কোকৰাঝাৰৰ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাক সাক্ষাৎ কৰি এন আৰ চিৰ অগ্ৰগতিৰ বুজ লয়। যৌথ প্ৰতিনিধিৰ দলটোৱে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰণত দিনে-নিশাই কাম কৰি থকা বিষয়া-কৰ্মচাৰী সকলক কৃতজ্ঞতা জ্ঞাপন কৰি বিষয়া-কৰ্মচাৰীৰৰ এটা কলমৰ আঁচোৰে এতিয়া ৰাজ্যৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিব বুলি মন্তব্য কৰিছে। সংবাদমাধ্যমৰ আগত মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিকৰণ কৰিবলৈ প্ৰচেষ্টা কৰি আছে বুলি মন্তব্য কৰি কোনো কাৰণতে যাতে অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহয় তাৰ বাবে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ আহ্বান জনায়।

ইপিনে সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে অবৈধ বাংলাদেশীয়ে ক্ৰমান্বয়ে অৰ্থনীতি, ৰাজনীতি আৰু সমাজ ব্যৱস্তাত খিলঞ্জীয়াৰ বাবে  ভাবুকি স্বৰূপ হৈ পৰিছে বুলি মন্তব্য কৰিj শুদ্ধ এন আৰ চি প্ৰস্তুত  কৰি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ আহ্বান জনায়। গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হকেও বাংলাদেশী মুক্ত এন আৰ চি প্ৰস্তুত কৰণৰ দাবী উত্থাপন কৰিছে।

Related News