কোকৰাঝাৰ চালাকাটিত উলহ মালহেৰে পৱিত্ৰ ঈদ উল ফিটৰ উদযাপন

ATTACHMENT

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কোকৰাঝাৰতো আজি ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে উলহ মালহেৰে পৱিত্ৰ ঈদ উল ফিটৰ উদযাপন কৰা হয় ৷

চালাকাটি ঐতিহাসিক ঈদগাহ প্ৰাংগণত আজি পুৱা কেইবা সহস্ৰাধিক লোকৰ সমাৱেশেৰে ঈদৰ নামাজ অনুষ্ঠিত হয়। ঈদৰ বিশেষ নামাজ আৰু খুৎবা পাঠ কৰাৰ অন্তত ইমামে ঈদ উল ফিটৰৰ তাৎপৰ্য বৰ্ণনা কৰাৰ উপৰি শেষত বিশ্ব শান্তিৰ লগতে সমাজত ঐক্য- সম্প্ৰীতি তথা ভাতৃত্ববোধ অক্ষুণ্ণ থকা আৰু ছাত্ৰ নেতা লাফিকুলৰ আত্মাৰ শান্তি কামনাৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ৷

আনহাতে দোৱা প্ৰাৰ্থনাৰ পাছতে নামাজত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে নামাজৰ অন্তত অসমৰ প্ৰলয়ংকৰী বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে বিশেষভাৱে ইমামৰ জৰিয়তে সমূহীয়াকৈ দোৱা কৰা হয়।

উল্লেখযোগ্য যে আজি সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত এক্য আৰু সম্প্ৰীতিৰ প্ৰতীক স্বৰূপ ঈদ উল ফিটৰ উলহ মালহেৰে পালন কৰা হয়।