NORTHEAST NOW (Assamese)

কোকৰাঝাৰ ছাই কমপ্লেক্সত দুদিনীয়া বাচনি প্ৰশিক্ষণ শিবিৰ আৰম্ভ

February 17, 2018 4:48 pm · ৰিনয় বসুমতাৰী
Updated: February 17, 2018 4:50 pm

ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টিকাৰী প্ৰতিষ্ঠান, কোকৰাঝাৰ  ছাই কমপ্লেক্সত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বাচনি প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে।

ভাৰতীয় খেল প্ৰাধিকৰণ চমুকৈ ছাইৰ উদ্ধোগত অনুষ্ঠিত দুদিনীয়া বাচনি প্ৰশিক্ষণ শিবিৰত বি টি এ ডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ বাহিৰেও গোৱালপাৰা, লখিমপুৰ, বৰপেটা আদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক খেলুৱৈই অংশগ্ৰহণ কৰে।

বাচনি শিবিৰটোত ১২-১৪ অনুৰ্ধ লৰা ছোৱালীক ফুটবল, কাবাডি, এথলেটিক, আৰ্চাৰী, বক্সিং, হকী, জুডো, কাৰাটে , টাইকোৱানডো আদি শাখাত প্ৰশিক্ষণ দিয়া হয়।

বাচনি প্ৰশিক্ষণত অংশগ্ৰহণ কৰা খেলুৱৈ সকলে বাচনিকৃত হৈ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা ভাৰতৰ নাম উজলাই তুলিব আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে বহু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ উঠা গোহেলা বড়োক স্থানীয় যুৱক – যুৱতী সকলক আৰ্চাৰী প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আজিৰ বাচনি প্ৰশিক্ষণ শিবিৰলৈ লৈ অনা হয়।

সম্পূৰ্ণ সুস্থ হৈ উঠিলে পুনৰ খেলত নামিব বুলিও ৰাষ্ট্ৰীয় খেলুৱৈ গোহেলা বড়োৱে উল্লেখ কৰে।

Related News