কোকৰাঝাৰ দুৰ্ঘটনা: বলেৰ’ গাড়ীখন সহিতে মালিক আৰু চালকক আত্মসমৰ্পণ কৰিবলৈ আহ্বান আৰক্ষীৰ

White-Bolero

কোকৰাঝাৰ-কৰিগাঁও পথৰ সমীপৰ নিউ আমগুৰিত শণিবাৰে এখন বগা বলেৰ’ গাড়ীয়ে এজন বৃদ্ধ লোকক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰা গাড়ীখনৰ চালক আৰু গাড়ীখনৰ মালিকক কোকৰাঝাৰ আৰক্ষীয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দূৰ্ঘটনাটোত বৃদ্ধ লোকজনে প্ৰাণ হেৰুৱাইছে।

কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে এই সম্পৰ্কত কয় যে বলেৰ’খনে বৃদ্ধ লোকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা প্ৰায় ৭ কি.মি পৰ্যন্ত বড়োলেণ্ড পৰিবহনৰ সমীপৰ কোকৰাঝাৰিলৈ চোঁচৰাই নিয়ে।

দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীখন সহিতে চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

‘আমি গাড়ীখনৰ চিচি টিভি ফুটেজ লাভ কৰিছো। গাড়ীখনৰ সোফালৰ হেডলাইট আৰু কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে। গাড়ীখন সহিতে চালকজন এই পৰ্যন্ত পলায়ন হৈ আছে’, এই কথা কয় সিঙে।

তেওঁ আৰু কয় ‘মালিক আৰু চালকক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাইছো আৰু বগা বলেৰ’ গাড়ীখন আমাক হস্তান্তৰ কৰক’।

শণিবাৰে সন্ধিয়া প্ৰায় কোকৰাঝাৰ নগৰৰ কোকৰাঝাৰি অঞ্চলৰ পৰা এগৰাকী বয়োজ্যেষ্ঠ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাটো সংঘটিত হৈছিল প্ৰায় ৫.৪৫ মান বজাত।

বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ কোচে কয় যে নতুন আমুগুৰি পথত কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ দিশত গৈ থকা এখন বলেৰ’ গাড়ীয়ে বৃদ্ধ লোকজনক খুন্দিওৱা বুলি তেওঁ গাওঁবাসীৰ পৰা খবৰ লাভ কৰে।

পাছত আৰক্ষীয়ে নিহত লোকজন চিৰাং জিলাৰ কুংৰিং অশ্ৰবাৰী অঞ্চলৰ টৰেন নাৰ্জাৰী(৬০) বুলি চিনাক্ত কৰে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ কোচে জনোৱা মতে নিহত টৰেন নাৰ্জাৰী শণিবাৰে ৰাতিপুৱা নতুন আমুগুৰিত থকা তেওঁৰ জোৱাঁইক সঞ্জিত ৰাভাৰ ঘৰলৈ আহিছিল।

ইয়াৰ উপৰি কোচে দুৰ্ঘটনা সন্দৰ্ভত বলেৰ’ গাড়ীখনৰ অনুসন্ধান অব্যাহত ৰখা বুলিও আমাক জানিবলৈ দিয়ে।