প্ৰণীতা স্বৰ্গীয়াৰীৰ তিনিদিনিয়া কোকৰাঝাৰ নৃত্য কৰ্মশালা সম্পন্ন

প্ৰণীতা স্বৰ্গীয়াৰী

জী টিভি চেনেলৰ উদ্বোগত আযোজিত ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স চিজন-৫ চমুকৈ ডি আই ডিৰ নৃত্য প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰ বলত তথা অসমবাসীৰ  সহায় সহযোগিতা লাভ কৰি বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসমৰ জীয়ৰী প্ৰণীতা স্বৰ্গীয়াৰী। সেইগৰাকী অসমীয়া সন্তানে অসমৰ নবপ্ৰজন্মক নৃত্য কলা শিকোৱাৰ উদ্দেশ্যৰে অসমৰ বিভিন্ন অঞ্চলত নৃত্য কৰ্মশালা আয়োজন কৰি আহিছে। বিগত সময়ছোৱাত বি টি চি বিভিন্ন অঞ্চলত হোৱা  গোষ্ঠীগত সংঘৰ্ষৰ ফলত  প্ৰাণ হেৰুওৱা লোকৰ সন্তান তথা অনাথ শিশুসকললৈ কিছু আৰ্থিক সকাহ দিয়াৰ মূল উদ্দেশ্য লৈয়ে তিনিদিনীয়া কাৰ্সূচীৰে এই নৃত্য কৰ্মশালাখনৰ আয়োজন কৰিছিল।

ডি আই ডি -৫ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰীয়ে সংবাদ মাধ্যমৰ আগত  সদৰী কৰি কয় যে অনাথ শিশু সকলক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত অতি কম মূল্যতে নৃত্য কৰ্মশালাৰ আয়োজন কৰা হ’ব। ইয়াৰে প্ৰথম পৰ্যায়ক্ৰমে বি টি চিৰ মুখ্য সদৰ  কোকৰাঝাৰ ৰামকৃষ্ণপুৰস্থিত ‘নিউ হোৰাইজন কিডস স্কুলত’   ৮, ৯,১০ জানুৱাৰী তাৰিখে তিনিদিনীয়াকৈ নৃত্য কৰ্মশালা সম্পন্ন হৈ যোৱা বুলি জানিবলৈ দিয়ে। তিনিদিনীয়াকৈ আয়োজিত কৰ্মশালাৰ অন্তিম  কাৰ্য্যসূচীৰ নিশা কোকৰাঝাৰৰ নিউ হোৰাইজন কিডস স্কুলৰ প্ৰাংগণত উলহ মালহৰে অনুস্থিত হৈ যায়।   উক্ত কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে বিটিচিৰ উপ মুখ্য খাম্ফা বৰগয়াৰীয়ে উপস্থিত থাকি ডি আই ডি -৫ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰী এনেধৰণৰ নৃত্য কৰ্মশালা লোৱাটো প্ৰশংসা কৰি অনাগত দিনত প্ৰণীতা স্বৰ্গীয়াৰীৰ দৰে সৃষ্টি হওক বুলি প্ৰেৰনামুলক মন্তব্য আগবঢ়াই।

উল্লেখযোগ্য যে কোকৰাঝাৰত তিনিদিনীয়াকৈ আয়োজিত নৃত্য কৰ্মশালাখনৰ সফলতাৰে সমাপন হোৱাৰ পিছতে অহা  ১২,১৩,১৪ জানুৱাৰী তাৰিখে গুৱাহাটীৰ আই এছ বি টি তথা বালাজি মন্দিৰৰ সমীপতে থকা  বাথৌপুৰীস্থিত বীৰ ডৈমালু কমিউনিটি হ’লত আৰু ১৬,১৭ আৰু  ১৮ জানুৱাৰী তাৰিখে ওদালগুৰী জিলাৰ ৱাৰ্ড- ২ নলবাৰীস্থিত ডাইমণ্ড ইংৰাজী স্কুলৰ কাষত থকা ৰিংগুদামচা হ’লত নৃত্য  কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে।  উক্ত  নৃত্য কৰ্মশালা সমূহত বিদ্যালয়, মহাবিদ্যালয় সমূহৰ সকলো শিশু, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব । সেয়েহে নৃত্যৰ প্ৰতি আগ্ৰহী সকলক কৰ্মশালাত অংশগ্ৰহণৰ সুবিধা সমূহ গ্ৰহণ কৰাৰ লগতে বিতং ভাবে তথ্য জানিবৰ বাবে ০৯৯৯৯৪৭৭৪৬৫, ০৯৮১৮০৫৫৬৯৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে  প্ৰণীতা স্বৰ্গীয়াৰীয়ে ।