ক্ৰিকেটাৰ গম্ভীৰৰ মহানুভৱতা : এইবাৰ কান্ধপাতি ল’লে বজালীৰ চহিদ বলেন হৰিজনৰ সন্তানৰ সমস্ত দায়িত্ব

Vivo IPL 2018 M19 - RCB v DD

ক্ৰিকেটাৰ গৌতম গম্ভীৰ

ভাৰতীয় ক্ৰিকেট তাৰকা তথা ২০১১ ৰ বিশ্বকাপ ফাইনেলত ৯৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলি ভাৰতীয় দলৰ জয়ত মুখ্য ভূমিকা পালন কৰা গৌতম গম্ভীৰে শেহতীয়াকৈ ক্ৰিকেটৰ উপৰি দেশৰ সুৰক্ষাৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰা নমস্য চহিদসকলক শ্ৰদ্ধা নিবেদনৰ বাবে হাতত লৈছে অভিনৱ পন্থা।

উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ চহিদ পৰিয়ালৰ সন্তানৰ জীৱনৰ সমস্ত দায়িত্ব বহন কৰি মহানুভৱতাৰ উমান দিছে ক্ৰিকেটাৰ গম্ভীৰে। কিছু দিন পূৰ্বে গম্ভীৰে চি আৰ পি এফৰ চহিদ জোৱান অৰ্থাৎ পলাশবাৰী সতপু্ৰৰ নিবাসী দিবাকৰ দাসৰ সন্তান অভিৰণ দিবাকৰ দাসৰ শৈক্ষিক জীৱনৰ দায়িত্ব লোৱাৰ পাছতে এতিয়া অসমৰ আন এটা চহিদ পৰিয়ালৰ সন্তানৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বজালী মহকুমাৰ বাঘমাৰা গড়ৰ বীৰ চহিদ তথা চি আৰ পি এফৰ জোৱান বলেন হৰিজনৰ একমাত্ৰ চাৰিবছৰীয়া সন্তান ক্ৰিস্তিমান হৰিজনৰ পঢ়া-শুনাৰ উপৰি ক্ৰীড়া প্ৰতিভাৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰে সহায় কৰিব গৌতম গম্ভীৰ তথা তেওঁৰ ফাউণ্ডেশ্যনে।

জানিব পৰা মতে মঙলবাৰে গৌতম গম্ভীৰ ফাউণ্ডেশ্যনৰ প্ৰতিনিধি প্ৰিয়ংকা শৰ্মাই বজালীৰ এই চহিদ পৰিয়ালটোৰ কাষলৈ আহি পুত্ৰৰ অধ্যয়নৰত পাঠশালাস্থিত কিড বেদ শিক্ষানুষ্ঠানখনত প্ৰিয়ংকা উপস্থিত হৈ ক্ৰিকেটাৰগৰাকীৰ বাৰ্তা প্ৰেৰণ কৰি সন্তানগৰাকীৰ সকলো দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰে।

ইফালে অহা ছমাহৰ ভিতৰত গম্ভীৰে চহিদ পৰিয়ালটোক সাক্ষাত কৰিবলৈ পাঠশালাত উপস্থিত হ’ব বুলি ফাউণ্ডেশ্যনৰ প্ৰতিনিধি প্ৰিয়ংকাই জানিবলৈ দিয়ে।

চহিদ জোৱানজনৰ পত্নী বৰ্ণালী হৰিজনৰ লগতে পাঠশালা কিড বেদৰ সঞ্চালক মৃদুল কলিতাই গম্ভীৰৰ এই পদক্ষেপ তথা মহানুভৱতাক অশেষ ধন্যবাদ জ্ঞাপন কৰে।