ক্ৰীড়াক শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ আহিলা হিচাপে ল’বলৈ আহ্বান অৰুণাচল চৰকাৰৰ

mini-marathon-arunachal-570x320

প্ৰতিনিধিত্বমূলক ছবি। ফাইল ফটো

শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ এক অন্যতম আহিলা হৈছে খেল-ধেমালী। এই খেল-ধেমালীক সকলোৱে পেছা হিচাপে গ্ৰহণ কৰি বিশ্ব দৰবাৰত নিজৰ লগতে নিজৰ মাতৃভূমিক প্ৰতিষ্ঠা কৰিব লাগে। মঙলবাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উদ্দেশ্যি অৰুণাচল প্ৰদেশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সংসদীয় সচিবৰ মন্ত্ৰী বাবমাং ফেলিক্সে এই মন্তব্য কৰে।

নাহৰলগুণস্থিত ৰাজীৱ গান্ধী ষ্টেডিয়ামত ৰাজ্যিক ক্ৰীড়া বিভাগৰ সৌজন্যত আয়োজন কৰা ৰান ফৰ স্পোৰ্টছ শীৰ্ষক এই মাৰাথান প্ৰতিযোগিতাৰ উদ্বোধন কৰিবলৈ যায় মন্ত্ৰী ফেলিক্সে নিজৰ ভাষণ প্ৰসংগত এনেদৰে কোৱা দেখা যায়।

ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা ১২ কিলোমিটাৰ দূৰত্বৰ মাৰাথনৰ অন্ত পৰে য়ুপিয়াৰ স্প’ৰ্টছ কমপ্লেক্সত। প্ৰতিযোগিতাখনত মুঠ ৪৮০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সামৰিক বাহিনীৰ সদস্যই অংশগ্ৰহণ কৰা মাৰাথন প্ৰতিযোগিতাখনৰ বিজয়ীক নগদ টকাৰ লগতে প্ৰদান কৰা হয় ট্ৰফী। প্ৰথম স্থান প্ৰাপ্তজনক ট্ৰফী, মানপত্ৰৰ লগতে প্ৰদান কৰা হয় নগদ ৫০ হেজাৰ টকা। দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তক ক্ৰমে ট্ৰফী, মানপত্ৰৰ লগতে ৩০ হেজাৰ আৰু ২০ হেজাৰ নগদ ধন প্ৰদান কৰা হয়।

আনহাতে মাৰাথন প্ৰতিযোগিতাৰ আৰম্ভণিৰ পূৰ্বে উপস্থিত দৰ্শকসকলক উদ্দেশ্যি ক্ৰীড়া সঞ্চালক টাডাৰ আপ্পায়ো যুৱ সমাজক ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি ৰাজ্যিক ক্ৰীড়া সঞ্চালাকলয়ৰ সৌজন্যত প্ৰথমবাৰৰ বাবে এক ক্ৰীড়া কৰ্মশালাৰো আয়োজন কৰা হয়।

দুবাৰ সোণৰ পদক বিজয়ী পেৰালিম্পিক খেলুৱৈ দেৱেন্দ্ৰ ঝানঝাৰিয়া, অৰ্জুন বঁটা প্ৰাপক উশ্বু খেলুৱৈ বিমলজিৎ সিং আৰু বিশ্ব ৰেকৰ্ডধাৰী এভাৰেষ্ট আৰোহনকাৰী অঞ্চু জামছেনপাই এই কৰ্মশালাত উপস্থিত থকা সকলো লোককে ক্ৰীড়াৰ ক্ষেত্ৰত এক উদগণিমূলক মন্তব্য প্ৰদান কৰে।