NORTHEAST NOW (Assamese)

খাদ্য সংকট : বিপ্লৱৰ সপোন ত্যাগ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন এনএলএফটি বিপ্লৱীৰ

August 1, 2018 4:22 pm · পান্না ঘোষ
Updated: August 1, 2018 11:30 pm
পত্নী আৰু কন্যাদ্বয়ৰ সৈতে এনএলএফটিৰ আত্মসমৰ্পণকাৰী সদস্য ৰবীন্দ্ৰ দেববৰ্মা

শিবিৰত হোৱা খাদ্য সংকটৰ বাবে এজন এনএলএফটি সদস্যই আত্ম সমৰ্থন  কৰিবলৈ বাধ্য হৈছে। খাদ্য সংকটৰ বাবে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনএলএফটি সদস্যজনৰ নাম হৈছে ৰবীন্দ্ৰ দেববৰ্মা। তেওঁ আজি পানীসাগৰত থকা আৰক্ষী উপ মহাপৰিদৰ্শকৰ ওচৰত আত্ম সমৰ্পণ কৰে। উল্লেখ্য যে দেববৰ্মা হৈছে উগ্ৰপন্থী গোটটোৰ স্বয়ম্ভু ৱাৰেণ্ট অফিচাৰ।

খাদ্য সংকট আৰু স্বাস্থ্য সন্মত নোহোৱা জীৱন ধাৰণ প্ৰণালীৰ বাবে উগ্ৰপন্থীজনে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে। দেববৰ্মাৰ সৈতে তেওঁৰ পত্নী চোণ্টা ত্ৰিপুৰা (২৭), দুই কন্যা জেছমিন দেববাৰ্মা (৪) আৰু মৌচান্তিয়ে দেববাৰ্মায়ো(২) অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকগৰাকীৰ ওচৰত আত্মসমৰ্পণ কৰে।

ৰবীন্দ্ৰ দেববৰ্মাৰ ঘৰ ধলাই জিলাৰ নতুন বাজাৰ ব্ৰেন্দ্ৰা দেববাৰ্মা পাৰাত।

আৰক্ষী সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰা মতে ২০০০ চনত দেববাৰ্মাই উগ্ৰপন্থী দলত যোগদান কৰিছিল আৰু তেওঁ বাংলাদেশৰ শিলচুৰিৰ ওচৰৰ ছিকাৰাবাৰীত আছিল।

Related News