• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

খিলঞ্জীয়াৰ উদাত্ত কণ্ঠ-নিনাদ : দিল্লী-নাগপুৰ নহয়, অসমীয়াই ঠিক কৰিব নিজৰ ভৱিষ্যৎ

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
May 8, 2018 5:54 pm
People holding placards outside of Assam Administrative College during public hearing meeting on Citizenship (Amendment) Bill, 2016 at Assam Administrative College in Guwahati UB Photos

গুৱাহাটীৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

৭ মে’ৰ দিনটো এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ল অসমত। ৭ মে’ত অসমীয়া জাতিৰ ৰক্ষাৰ বাবে মাৰবান্ধি সকলো ওলাই অহাৰ কথা এক ব্যতিক্ৰমী অধ্যায় হিচাপে আজিৰ পৰা শ শ বছৰৰ পিছতো সমাজ বিজ্ঞানত ৰৈ যাব। সঁচাকৈয়ে ৭ মে’ৰ দিনটো এক বিৰল হিচাপে দেখিবলৈ পোৱা গ’ল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি গ্ৰহণ কৰিবলৈ অহা যুটীয়া সংসদীয় সমিতি ( JPC )ৰ ওচৰত সাক্ষ্য দিবলৈ হিল-দ’ল ভাঙি ওলাই আহিল বিভিন্ন সংগঠন আৰু অগণন ৰাইজ। খিলঞ্জীয়াৰ উদাত্ত কণ্ঠৰে নিনাদিত হ’ল গুৱাহাটী মহানগৰীৰ আকাশ-বতাহ।

অসমৰ দল-সংগঠনৰ হেঁচাত অৱশেষত গুৱাহাটীত শুনানি গ্ৰহণ কৰিবলৈ আহিবলৈ বাধ্য হৈছিল যুটীয়া সংসদীয় সমিত। শুনানি গ্ৰহণ আৰম্ভ হোৱাৰ আগৰ পৰাই খানাপাৰাত যি অভূতপূৰ্ব পৰিস্থিতিৰ উদ্ভৱ হ’ল সিয়ে প্ৰমাণ কৰিলে হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কিদৰে ক্ষোভ পুঞ্জীভূত হৈ আছে অসমৰ মানুহৰ মাজত। সাক্ষ্য দিয়া সংগঠনৰ সংখ্যাই প্ৰমাণ কৰে মোদী চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেনেদৰে জনমত অসমত শক্তিশালী হৈ আছে। এই শুনানি প্ৰক্ৰিয়াই অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত নতুন নতুন দিশৰো সূচনা কৰিব। নিজৰ অস্তিত্বৰ সুৰক্ষাক লৈ ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জনগোষ্ঠী যে অতি উদ্বিগ্ন তাক উপলব্ধি কোনে কৰা নাই? শুনানি প্ৰক্ৰিয়া চলি থকা সময়ৰ পৰাই ৰাজ্যত যেন এক নতুন বতাহ বলিবলৈ আৰম্ভ কৰিছে। যিকোনো প্ৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ পদক্ষেপক বাধা দিবলৈ কুন্ঠাবোধ নকৰে অসমৰ জাতীয় দল-সংগঠনে। এতিয়া প্ৰশ্ন হৈছে- এই শুনানি প্ৰক্ৰিয়াৰ পিছত সম্ভাৱ্য কি কি দিশৰ সূচনা হ’ব পাৰে?

হিন্দু বাংলাদেশীক লৈ কি ৰাজনীতি চলি আছে? সেই কথা আমি স্পষ্ট হ’ব লাগিব। বিজেপি চৰকাৰে প্ৰকৃততে কৰিব বিচাৰিছে কি? বিভাজনৰ ৰাজনীতিৰে ক্ষমতাত বৰ্তি থকাৰ সপোন দেখা গেৰুৱা বাহিনীয়ে প্ৰকৃততে আমাৰ ৰাজ্যখনক এক পৰীক্ষাগাৰ হিচাপে গ্ৰহণ কৰিছে। গেৰুৱা বাহিনীৰ সেই ষড়যন্ত্ৰ ওফৰাব লাগিব অসমৰ ৰাইজে। তাৰবাবে প্ৰস্তুত সকলো। ৮ মে’ৰ পৰাই দেখিবলৈ পোৱা গৈছে কিছু নতুন দৃশ্যপট। বিজেপি মিত্ৰজোটৰ অংশীদাৰ অগপ শুনানিৰ পিছতেই তৎপৰ হৈছে। ৰাজ্যজুৰি হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান চলাব অগপই। অগপৰ গণস্বাক্ষৰ অভিযান যথেষ্ট তাৎপৰ্যপূৰ্ণ। কাৰণ অসম আন্দোলনৰ গৰ্ভৰ পৰা জন্ম হোৱা অগপক সংগী কৰি লৈ বিজেপিয়ে চৰকাৰ চলাই আছে। অগপই সমষ্টিয়ে সমষ্টিয়ে গণস্বাক্ষৰ অভিযান চলালে নিশ্চিত কৈ অস্বস্তিত পৰিব বিজেপি। বিজেপিৰ জনসমৰ্থনৰ ক্ষেত্ৰত ই নেতিবাচক প্ৰভাৱ পেলাব। অগপ নেতৃত্বই হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত ইমানদিনে গ্ৰহণ কৰি অহা দোদুল্যমান স্থিতি এতিয়া হয়তো সলাব লাগিব। জনসাধাৰণৰ ৰুদ্ৰমূৰ্তি দেখি ভয় খাইছে আঞ্চলিক দলটোৰ নেতৃত্বই। এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবেই শুনানিৰ পিছত লগে লগে দলটোৱে গণস্বাক্ষৰৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। বিপিএফেও এই ক্ষেত্ৰত নিশ্চিতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিব। ৰাজ্যজুৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্ন অধিক শক্তিশালী ৰূপত ওলাই আহিছে।

এই পৰিস্থিতি কেনেদৰে সন্মুখীন হ’ব বিজেপি? বিজেপিৰ হিচাপ-নিকাচ হৈছে- হিন্দু বাংলাদেশীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দি বাঙালী হিন্দুৰ মাজত ভোট বেংক গঢ়ি তোলা। নিৰ্বাচনী ৰাজনীতিত ই কিমান গুৰুত্বপূৰ্ণ সেই কথা কংগ্ৰেছৰ দুমুখীয়া স্থিতিয়েই প্ৰমাণ কৰিছে। বৰাকত কংগ্ৰেছ নেতাই হিন্দু বাংলাদেশীৰ সংস্থাপনক মুকলিকৈয়ে সমৰ্থন জনাইছে। ইয়াৰ বাবে জনমতো গঠন কৰিছে।

কিন্তু বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিয়ে খিলঞ্জীয়াৰ মাজত জনসমৰ্থন হেৰুৱাব। গেৰুৱা দলটোৱে হিন্দু বাংলাদেশী আৰু বংগীয়মূলৰ মুছলমানৰ মাজত বিভাজন আনি যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে তাক কেতিয়াও গ্ৰহণ নকৰে অসমীয়াই। কাৰণ অসমীয়া জাতি ভাষাভিত্তিক জাতি। অভিবাসী মুছলমান কেতিয়াও অসমীয়া ভাষাৰ বাবে বিপদ নহয়। বৰঞ্চ অভিবাসী মুছলমানৰ বাবেই আজি অসমত অসমীয়া ভাষী লোকৰ সংখ্যা বাঢ়িছে। ইয়াৰ বিপৰীতে হিন্দু বঙালীয়ে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়াৰ লগত আত্মীকৰণ প্ৰক্ৰিয়াত কেতিয়াও জড়িত নহয়। দুই এক ব্যতিক্ৰম ক’ৰবাত থাকিব পাৰে। সেই কথা খিলঞ্জীয়া অসমীয়াই ভালদৰেই বুজি পায়।

২০১৬ৰ নিৰ্বাচনত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে যিদৰে বিজেপিক সমৰ্থন দিছিল তাৰ মূল কথাটোৱে আছিল- খিলঞ্জীয়াৰ সুৰক্ষা। এতিয়া অসমত হিন্দু বাংলাদেশী জাপি দিবলৈ বিচৰা পৰিস্থিতি অকল্পনীয় আছিল হিল-দ’ল ভাঙি বিজেপিক ভোট দিবলৈ ওলাই অহা খিলঞ্জীয়া অসমীয়াৰ বাবে।

প্ৰশ্ন হয়- বিজেপি নেতৃত্বই ৰাজ্যখনৰ সামাজিক, ৰাজনৈতিক সমীকৰণ বুজি নাপায় নেকি? বুজি নোপোৱাৰ কথাই নাই। ভালদৰেই জানে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিশ্চিতকৈ বাৰুকৈ উপলব্ধি কৰিছে পৰিস্থিতি। কিন্তু ভোটবেংকৰ ৰাজনীতিয়ে প্ৰাধান্য পাইছে।

পৰিস্থিতি দেখি যুটীয়া সংসদীয় সমিতিয়ে ক’বলৈ বাধ্য হ’ল- ব্ৰহ্মপুত্ৰ উপত্যকাত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি। আমি বিচাৰো অকল গুৱাহাটীতেই নহয়, ৰাজ্যৰ ভিন্ন ঠাইত শুনানি অনুষ্ঠিত হ’ব লাগে। কাৰণ অসমীয়াৰ ভৱিষ্যত্‍ নিৰ্ধাৰণ কৰাৰ অধিকাৰ অসমীয়াৰহে আছে। দিল্লী, নাগপুৰে নিৰ্ধাৰণ কৰিব নোৱাৰে আমাৰ ভৱিষ্যৎ।

৮ আৰু ৯ মে’ত শিলচৰত অনুষ্ঠিত হোৱা শুনানিত নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিব প্ৰায় সকলো সংগঠনে। ইয়াৰ পিছত ৰাজ্যখনত বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ বাতাবৰণ সৃষ্টি হোৱাৰ আশংকা আছে। দুষ্ট চক্ৰই সুযোগ গ্ৰহণ কৰিব পাৰে অশান্তি সৃষ্টিৰ। তাৰবাবে সজাগ থাকিব লাগিব সকলো।

মুঠৰ ওপৰত সময় বিপন্ন। বিপন্ন সময়ত আমি নিৰ্ধাৰণ কৰিব লাগিব নিজৰ ভৱিষ্যৎ। নিশ্চিতকৈ কিছুদিনৰ ভিতৰত ৰাজ্যখনত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিবাদ যিমানেই শক্তিশালী হ’ব সিমানেই অনিশ্চিত হৈ পৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণ। কাৰণ বিধেয়কখন বৰ্তমান পৰিস্থিতিত মোদী চৰকাৰে কোনো কাৰণতে গৃহীত কৰিব নোৱাৰে। লোকসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত গৃহীত কৰিলেও ৰাজ্যসভাত গৃহীত নহয়। তেতিয়াহ’লে এই কুচকাৱাজ কিয়? আগতে কোৱাৰ দৰে কেৱল ভোটবেংকৰ বাবেই এই কুটিল ৰাজনীতি? আৰু সেই বাবেই হাস্যকৰ কথা হ’ল যে- অগপই বিধেয়কখন গৃহীত হ’লেহে বিজেপিৰ সংগ ত্যাগ কৰিব। ইয়াতকৈ আৰু ডাঙৰ সাঁথৰ কি হ’ব পাৰে? ৰাজনীতিৰ সম্যক জ্ঞান থকা যিকোনো লোকেই জানে ৰাজ্যসভাত এন ডি এৰ সংখ্যাগৰিষ্ঠতা নাই। লোকসভা আৰু ৰাজ্যসভাত অগপৰ সাংসদো নাই। সেই বাবেই এনেদৰে ক’ব পাৰিছে অসম গণ পৰিষদে।

শেষত অসমৰ প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাসৰ মন্তব্যৰে কওঁ- বৰ্তমান বিজেপি নেতৃত্বই বাজপেয়ী-আদৱানীয়ে অসমৰ বাংলাদেশী সমস্যাৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিকে অপমান কৰিছে। সেই কথা আৰ এছ এছ-বিজেপিয়ে উপলব্ধি কৰিব পাৰিবনে? তেওঁলোকৰ দুই পিতামহৰ স্থিতিক অপমান কৰি অসমত জাপি দিবলৈ ওলাইছে হিন্দু বাংলাদেশী।

লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক

লেখকৰ ই মে’ইল ঠিকনা : [email protected]

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd