খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই দলং নিৰ্মাণত নামি পৰিল ৰাইজ

মাজুলীত ৰাইজৰ দলং নিৰ্মাণ

নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ নানা প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বৰ চৰকাৰখনৰ ওপৰত ক্ৰমে বিশ্বাস হেৰুৱাই পেলাইছে সাধাৰণ জনতাই। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে জলন্ত সমস্যা সমুহ সমাধানত চুড়ান্তভাৱে ব্যৰ্থ হৈছে তথাকথিত পৰিবৰ্তনকামী চৰকাৰখন।

আজি ৰতনপুৰ মিৰি গাঁৱৰ ৰাইজে পুনৰ উদঙালে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ ফোপোলাস্বৰূপ। দীৰ্ঘদিন ধৰি  ৰতনপুৰ মিৰি অঞ্চলৰ কেৱাখনো গাওঁৰ লোকে যাতায়তৰ অসুবিধাৰ বাবে জীয়াতু ভুগি থাকিবলগীয়া হোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নকৰিলে।

যোৱা বছৰৰ বানতেই চিগিছিল উজনি মাজুলীৰ ৰতনপুৰ মিৰি আৰু সোণোৱাল কছাৰী সংযোগী গড়কাপ্তানি পথ। বিভাগক বহু আবেদন নিবেদন কৰাৰ পিছতো পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰিলে। চৰকাৰে কৰিব বুলি বাট চাই ভাগৰি পৰা ৰাইজ এইবাৰ নিজেই নামি পৰিল পথটিৰ ওপৰত দলং নিৰ্মাণত।

চিকাৰী গাঁও, লাচন, দোনোৱাল কছাৰী, বনৰীয়া চাপৰি, লাচন চাপৰি, লুহিত পৰিয়া, ৰতনপুৰ মিৰি গাঁও সংযোগী অতি ব্যস্ত পথটি চিগা অংশৰ ওপৰত দলং নিৰ্মাণত নামি পৰিল অঞ্চলটোৰ পুৰুষ মহিলা সকলো। অঞ্চলটোৰ উন্নয়ন সমিতিয়ে ৰাইজৰ জমা পুজিৰ ডেৰ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছে দলংখন।