গণশিল্পী ভূপেন হাজৰিকাৰ টালিগঞ্জত থকা বাসগৃহ সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে : মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী

‘গণশিল্পী ভূপেন হাজৰিকাৰ টালিগঞ্জত থকা বাসগৃহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ সমাজ জীৱনলৈ এই গৰাকী মহান শিল্পীয়ে উল্লেখযোগ্য বৰঙনি আগবঢ়াই গৈছে। এই কথা আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব। ভূপেন হাজৰিকাৰ প্ৰতিটো গীতে মহাকাব্যিক হিচাপে পৰিগণিত হৈছে। নতুন প্ৰজন্মৰ উত্তৰণ, প্ৰাকৃতিক বাতাবৰণ, সাংস্কৃতিক জীৱনশৈলী, মানৱতাবোধ, আধ্যাত্মিক ধ্যান-ধাৰণাকে ধৰি মানৱ সমাজক প্ৰকৃত দিশেৰে আগুৱাই যোৱাৰ বাবে সকলো উপকৰণেই এই গৰাকী শিল্পীৰ শৈল্পিক সত্তাৰ মাজেৰে প্ৰতিফলিত হৈছে।’ দেওবাৰে বেলতলা বহাগী উৎসৱ সমিতিয়ে আয়োজন কৰা ৰঙালী বিহু অনুষ্ঠানত বিশিষ্ট শিল্পী, সাহিত্যিক তথা নাট্যকাৰ ৰত্ন ওজাক ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

গুৱাহাটী মহানগৰীক স্বাস্থ্য সন্মত আৰু আদৰ্শ মহানগৰী হিচাপে গঢ় দিব লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে মহানগৰীৰ সেউজীয়া আৱৰণ বৃদ্ধি কৰাৰ বাবে বৃক্ষ ৰোপণত সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব।

অনুষ্ঠানত বঁটা প্ৰাপক ৰত্ন ওজাই ভূপেন হাজৰিকাৰ কৰ্মময় জীৱন আৰু সমগ্ৰ মানৱ সমাজলৈ আগবঢ়োৱা মনৱীয় মূল্যবোধৰ আদৰ্শ আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টাকে শান্তনু ভৰালীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।