গহপুৰ-চাৰিদুৱাৰত বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে খেতিপথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ

Wild herd while push back in Gohpur today ,1(Pranab Kumar Das)

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰি থকাৰ সময়তে শনিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ জাক এটাই বিশ্বনাথ চাৰিআলি জিলাৰ গহপুৰৰ লগতে শোণিতপুৰ জিলাৰ অসম-অৰুনাচল সীমান্তৰ চাৰিদুৱাৰ অঞ্চলত খেতিপথাৰত উপদ্ৰৱ চলোৱাৰ লগতে লণ্ড ভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

নিশা অচম্বিতে ৩০-৪০ জনীয়া বনৰীয়া হাতীৰ জাকে গহপুৰৰ কুৰুৱা পথাৰত প্ৰৱেশ কৰি বহুতো লোকৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে।  উক্ত অঞ্চলত প্ৰৱেশ কৰাৰ পূৰ্বে গহপুৰৰে জাকাপাৰা বকৰীদলনি আৰু পাকেন অঞ্চলতো বিস্তৰ অঞ্চলৰ খেতি পথাৰৰ শস্য বিনষ্ট কৰে।

আনহাতে নামেৰীৰ চেঙালিমাৰি অঞ্চলতো শণিবাৰে নিশা এটা বনৰীয়া হাতীয়ে ৰুনুমাই দেৱী নামৰ লোক এগৰাকীৰ ঘৰত আক্ৰমণ চলাই বাসগৃহৰ ক্ষতিসাধন কৰে। জানিব পৰা মতে উক্ত অঞ্চলত দীৰ্ঘ দিনৰে পৰাই তাণ্ডৱ অব্যাহত ৰখা বনৰীয়া হাতীটোক অৱশেষত স্থানীয় লোকে চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

তেজপুৰ উত্তৰ বন সংমণ্ডলৰ সংৰক্ষক পি শিৱ কুমাৰে কয় যে কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ৩০-৪০ জনীয়া এটা হাতীৰ জাক ওলাই আহি গহপুৰ অঞ্চলত খেতি পথাৰ তহিলং কৰাৰ লগতে বহুতো বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। কাজিৰঙা ষষ্ঠ সংযোজনৰ গোপাল জাৰনি অঞ্চলত ইতিমধ্যে এটা সুৰক্ষা শিবিৰো স্থাপন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ তাণ্ডৱে গহপুৰ বাসীক জ্বলা-কলা খুৱাইছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰ তথা বন বিভাগে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে।