NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজিৰ গ্ৰীণ চেম্পিয়ন বঁটা লাভ

August 31, 2021 11:55 am · এন ই নাও নিউজ
Updated: September 1, 2021 11:59 am

গুৱাহাটীৰ সমীপৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজিয়ে কামৰূপ জিলাৰ কলেজসমূহৰ ভিতৰত জিলা গ্ৰীণ চেম্পিয়ন বঁটা লাভ কৰিছে।

জিআইএমটিক স্বচ্ছতা একশ্যন প্লেনৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থা তথা স্বচ্ছতা, পৰিচ্ছন্নতা, জাৱৰ নিষ্কাষণ, জল ব্যৱস্থাপনা, শক্তি ব্যৱস্থাপনা আৰু সেউজ ব্যৱস্থাপনাৰ ক্ষেত্ৰসমূহত উৎকৃষ্ট ব্যৱস্থা গ্ৰহণ তথা ৰূপায়নৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্থিক এন-য়ে আমিনগাঁওস্থিত উপায়ুক্তৰ কাৰ্যালয়ত জিআইএমটিৰ অধ্যক্ষ অধ্যাপক থুলেশ্বৰ নাথক এখন প্ৰমান পত্ৰ প্ৰদান কৰে।

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগৰ মহাত্মা গান্ধী নেশ্যনেল কাউন্সিল অফ ৰুৰেল এডুকেশ্যন (MGNCRE) য়ে এক অনলাইন অনুষ্ঠানৰ আয়োজন কৰিছিল।

এই অনুষ্ঠানত কামৰূপ জিলাৰ বিভিন্ন কলেজৰ পৰা ১৫০তকৈয়ো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।

কিছুমান কলেজে তেওঁলোকৰ কলেজসমূহত ‘স্বচ্ছতা’ আৰু ‘সেউজ চৌহদৰ’ দিশত তেওঁলোকে আগবঢ়োৱা বৰঙণিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও দাঙি ধৰিছিল।

জিআইএমটিৰ অধ্যক্ষ অধ্যাপক থুলেশ্বৰ নাথেও শৰীৰ তথা মন সুস্থ ৰখাত স্বচ্ছতাৰ গুৰুত্ব সম্পৰ্কে বক্তৱ্য ৰাখিছিল।

আনহাতে, ড০ বৰদলৈয়ে স্বচ্ছতা, পৰিচ্ছন্নতা, জাৱৰ নিষ্কাষণ, জল ব্যৱস্থাপনা, শক্তি ব্যৱস্থাপনা আৰু সেউজ ব্যৱস্থাপনাৰ ক্ষেত্ৰসমূহত উৎকৃষ্ট ব্যৱস্থা গ্ৰহণ তথা ৰূপায়নৰ বাবে জিআইএমটিৰ বিভিন্ন স্বচ্ছতামূলক কাৰ্যসূচীৰ বিষয়ে দাঙি ধৰে।

অনলাইন অনুষ্ঠানটোত কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্থিক এন-য়ে শিক্ষা প্ৰতিষ্ঠানসমূহত স্বচ্ছতা একশ্যন প্লেন আৰম্ভ কৰাৰ বাবে মহাত্মা গান্ধী নেশ্যনেল কাউন্সিল অফ ৰুৰেল এডুকেশ্যনৰ কৰ্মৰাজিক প্ৰশংসা কৰাৰ লগতে বঁটা লাভ কৰাৰ বাবে জিআইএমটিক অভিনন্দন জনায়।

Related News