তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰয়াত সহযোগী অধ্যাপক ড০ পৰাগমণি শৰ্মাৰ সোঁৱৰণত শনিবাৰে অসম সাহিত্য সভাই ‘উত্তৰ-পূব লোক-সংস্কৃতিৰ শিক্ষাৰ বিস্তাৰত শিক্ষানুষ্ঠানৰ ভূমিকা’ শীৰ্ষক এখন স্মাৰক বক্তৃতাৰ আয়োজন কৰে।
লোক-সংস্কৃতি বিভাগৰ অধ্যাপক পৰাগমণি শৰ্মাৰ সোঁৱৰণত স্মাৰক বক্তৃতা অনুষ্ঠিত হয় গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰাগমণি শৰ্মা কক্ষত।
অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত ভাষণ দি ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কলা আৰু সমাজ বিজ্ঞান বিভাগৰ কলাগুৰু ড০ ৰবীন্দ্ৰ নাথ শৰ্মাই ভাষণ দি কয় যে পূৰ্বতে অসম লোক-সংস্কৃতিৰ বিশেষ চৰ্চা হোৱা নাছিল যদিও যোৱা শতিকাৰ শেষৰ ফালৰ পৰা এই ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি যথেষ্ট চহকী। লেক নৃত্য, লোক নাট্য, ঢোল বাদ্য, লিপি, গহণা, খেল-ধেমালি আদি বিষয়বোৰত চৰ্চা আৰু অধ্যয়নৰ ক্ষেত্ৰত প্ৰাথমিক স্তৰৰ পৰাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত অসম সাহিত্য সভাই বিশেষ ভূমিকা ল’ব পাৰে।
অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত ড০ পৰাগমণি শৰ্মাৰ পিতৃ দামোদৰ শৰ্মাই পৰাগমণি শৰ্মাৰ জীৱনৰ বিষয়ে আলোকপাত কৰি তেওঁৰ স্মৃতিত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানটোত কামৰূপ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ প্ৰনৱ বৰা, বিত্তীয় কোষৰ আহ্বায়ক অৱনী মোহন চহৰীয়া, দিল্লী সাহিত্য সভাৰ সম্পাদক হৃদয় কুমাৰৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।