গুৱাহাটীত আজিৰে পৰা প্ৰথমবাৰৰ বাবে পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ

মু্খ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া চৌহদত থকা দেশভক্ত তৰুণ ৰাম ফুকন ষ্টেডিয়ামত ‘অসম পৰম্পৰাগত ক্ৰীড়া মহোৎসৱ-২০১৮’ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত তিনি দিনিয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱ প্রথমবাৰৰ বাবে ৰাজ্যখনত অনুষ্ঠিত কৰা হৈছে।

ক্ৰীড়া মহোৎসৱখনত ৰাজ্যৰ ৩৩ খন জিলাৰ ৯০০ তকৈও অধিক পৰম্পৰাগত খেলৰ খেলুৱৈয়ে  অংশগ্ৰহণ কৰিছে।

মহোৎসৱটো উদ্বোধন কৰি ভাষণ প্ৰসংগত তেওঁ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে পৰম্পৰাগত ক্ৰীড়া সমূহৰ উৎকৰ্ষ সাধনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে।

তেওঁৰ উপৰি অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই বিগত ২২ মাহত ৰাজ্য চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যণৰ দিশত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰে।

মহোৎসৱটোৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰীয়ে এখন স্মৰণিকাও উন্মোচন কৰে।

আজি এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, ঠেঙাল কচাৰী স্বায়ত্ত শাষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ কচাৰী, ক্ৰীড়া আৰু যুৱ কল্যণ বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰীৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।