গুৱাহাটীত পানীৰ এ টি এম : স্মাৰ্ট চিটি লিমিটে’ডে নাগৰিকক বেচিব খোৱাপানী

water atm in guwahati

গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইত স্থাপন কৰা হ’ব স্বয়ংক্ৰিয় ৩০ টা খোৱাপানী কেন্দ্ৰ। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধীনত পানীৰ এ’ টি এম নামৰ এই কেন্দ্ৰসমূহ স্থাপন কৰা হ’ব।

গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰিচালন সঞ্চালক এম অংগমুথুৱে জনোৱা মতে পৰ্য্যায়ক্ৰমে স্থাপন কৰিব লগা ৬০ টা মান পানীৰ এ’ টি এমৰ এই ৩০ টা প্ৰথমবাৰ স্থাপন কৰা হ’ব।

এই এ’ টি এম স্থাপন কৰিবলৈ বাচি লোৱা মহানগৰীৰ কেইটামান স্থান হ’ল-

# গণেশগুৰি

# শিলপুখুৰী

# গুৱাহাটী বিশ্ববিদ্যালয়

# গুৱাহাটী ৰে’ল আস্থান

# নেহৰু পাৰ্কৰ কাষৰ ফুডভিলা

# পানবজাৰ

# চানমাৰি

# গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল

# দিচপুৰ

# কামাখ্যা

# পল্টন বজাৰ

# নেহৰু ষ্টেডিয়াম

# মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

# খানাপাৰা

# জিলা উপায়ুক্তৰ কাৰ্য্যালয়

ৰাজহুৱা ঠাইত বিশুদ্ধ খোৱা পানী নাগৰিকৰ বাবে সুলভ কৰি তোলাৰ লক্ষ্যৰেই এই এ’ টি এম সমূহ স্থাপন কৰিবলৈ লোৱা হৈছে বুলি জনোৱা হৈছে। পানীক খোৱাৰ উপযোগী কৰি তোলাৰ বাবে ৰিৱাৰ্ছ অচম’চিছ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব।

এই পানীৰ দাম কিমান হ’ব এতিয়ালৈকে গম পোৱা হোৱা নাই যদিও সকলোৰে বাবে বিশুদ্ধ পানী সুলভ কৰি তোলাৰ বাবে এনে পানীৰ দাম বেছি নহ’ব বুলি ধাৰণা কৰা হৈছে।

তাৰোপৰি লোকসকলে সৰ্বাধিক কিমান পানী কিনিব পাৰিব বা কোনোবাই বাল্টি ভৰাই পানী খাব খুজিলে পাৰিব নে নাই স্পষ্ট হোৱা নাই।