গুৱাহাটীত ২৫ ফেব্ৰুৱাৰিত হিপ হপ সংগীত অনুষ্ঠান

red-bull

গুৱাহাটীত হিপ হপ অনুষ্ঠান

গুৱাহাটীত অহা ২৫ ফেব্ৰুৱাৰিত এক হিপ হপ সংগীত অনুষ্ঠান আয়োজন কৰা হৈছে।

অনুষ্ঠানটোত খ্যাতনামা ভাৰতীয় হিপ হপ শিল্পী ৰফটাৰ আৰু ডিভাইনৰ লগতে ত্ৰিপুৰাৰ ৰেপাৰ বৰ্কুং ৰাংখৱাল আৰু শ্বিলঙৰ ৰেপ দল খাচি ব্লাডচেও অংশগ্ৰহণ কৰিব।

হিপ হপ আৰু লোক সংগীতৰ এক অনন্য সমন্বয় সাধনৰ লক্ষ্যৰে ৰে’ড বুল মিউজিকে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ হিপ হপ শিল্পী সকলৰ সৈতে সংযোগ স্থাপন কৰিছে।

এই সংগীত অনুষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ৰেপাৰসকলক এক বিশ্বস্তৰীয় মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক সুযোগ প্ৰদান কৰিব।

উত্তৰ-পূৰ্বাঞ্চলত বিদ্যমান সংগীতৰ সজীৱ পৰিৱেশৰ বাবে অঞ্চলটো সমগ্ৰ বিশ্বৰে সংগীত শিল্পীসকলৰ বাবে এক পছন্দৰ ঠাই।

অঞ্চলটোত বিখ্যাত সংগীত শিল্পীৰ উত্থান আৰু পৃথিৱীৰ বিভিন্ন বেণ্ডৰ অঞ্চলটোত উপস্থিতিৰ বাবে ইয়াৰ সংগীতপ্ৰেমী লোকসকল সংগীতৰ বিভিন্ন শৈলী আৰু ধাৰাৰ সৈতে সুপৰিচিত। ফলত অঞ্চলটোৰ সংগীতপ্ৰেমী লোকসকলৰ সংগীতৰ ৰসাস্বাদনৰ ক্ষমতা আৰু বৃদ্ধি পাইছে।