গুৱাহাটীৰ খাদ্য বিপণীসমূহে অগ্নি সুৰক্ষাৰ মান অনুসৰণ কৰিছেনে?

Police-and-State-Disaster-Response-Force-personnel-at-the-fire-incident-site-in-Post-Office-area-on-Wednesday.-570x320

বুধবাৰে গুৱাহাটীৰ প’ষ্ট অ’ফিচ অঞ্চলত সংঘটিত অগ্নিকাণ্ডস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ জোৱানসকলক দেখা গৈছে

গুৱাহাটীত অত্যাধুনিক শৃংখলাৰ ৰেষ্টুৰেন্টকে ধৰি এক বুজন সংখ্যক খাদ্য বিপণী মুকলি হৈছে যদিও এইবোৰত অগ্নি সুৰক্ষাৰ মান অনুসৰণ কৰা হৈছে নে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। গুৱাহাটীৰ প’ষ্ট অ’ফিচ অঞ্চলৰ আইডিবিআই বেংকৰ শাখাটোৰ বিপৰীত দিশত থকা ‘চিক এণ্ড চিলি এণ্ড গ্ৰিল ৰিপাব্লিকা’ ৰেষ্টুৰেন্টত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত মহানগৰৰ লোকসকলে এই প্ৰশ্ন উত্থাপন কৰিছে।

চিক এণ্ড চিলি ৰেষ্টুৰেন্টৰ এগৰাকী কৰ্মচাৰীয়ে জানিব দিয়া মতে বুধবাৰে আৱেলি প্ৰায় ৩ বজাত অগ্নিকাণ্ডটো সংঘটিত হয়। গ্ৰিল ৰিপাব্লিকা ৰেষ্টুৰেন্টত তন্দুৰী ৰুটি আৰু চিকেন প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ হোৱা গ্ৰিল (চুলাহ)ৰ পৰাই জুই বিয়পি পৰিছিল। জ্বলি উঠা জুই প্ৰথমতে ৰেষ্টুৰেন্টখনৰ চালত লাগে আৰু তাৰ পিছত চিক এণ্ড চিলি ৰেষ্টুৰেন্টখনলৈ বিয়পি পৰে।

‘’অৱশ্যে, ঘটনাটো সংঘটিত হোৱাৰ ৭-১০ মিনিটৰ ভিতৰতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় আৰু অগ্নি নিৰ্বাপক সেৱাৰ বিষয়াসকলে কম সময়ৰ ভিতৰতে জুই নুমুৱাবলৈ সক্ষম হয়,’’- কৰ্মচাৰীজনে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

বুধবাৰে প’ষ্ট অ’ফিচ অঞ্চলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা গ্ৰিল ৰেষ্টুৰেন্ট

যদিও জুইয়ে ৰেষ্টুৰেন্ট দুখনৰ বিশেষ ক্ষতি কৰিব নোৱাৰিলে, ঘটনাটোৱে কিন্তু সেই সময়ত ৰেষ্টুৰেন্টত খাদ্য গ্ৰহণ কৰি থকা গ্ৰাহকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ তাত বহুসংখ্যক লোক উপস্থিত হৈছিল। অৱশ্যে, অগ্নি নিৰ্বাপকৰ লগতে এছডিআৰএফৰ জোৱানসকলে সোনকালেই অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এগৰাকী স্থানীয় লোকে কয়, ‘’ মহানগৰীত ভালেসংখ্যক খাদ্য বিপণী গঢ়ি উঠাটো ভাল লক্ষণ। এই খাদ্য বিপণীসমূহৰ বেছিভাগেই অগ্নি সুৰক্ষাৰ মানসমূহ পালন কৰিছে যে মোৰ সন্দেহ আছে। সংশ্লিষ্ট কৰ্তৃপক্ষই খাদ্য বিপণী সমূহ পৰীক্ষা কৰি চোৱা উচিত। বিশেষকৈ  গ্ৰাহকক সুস্বাদু খাদ্য যোগান ধৰিবলৈ বৃহৎ গ্ৰিল স্থাপন কৰা ৰেষ্টুৰেন্টসমূহত অগ্নি সুৰক্ষাৰ নিয়ম অনুসৰণ কৰা হৈছেনে নাই সেয়া সময়ে সময়ে পৰিদৰ্শন কৰি চোৱা উচিত।‘’

বুধবাৰে মহানগৰীৰ কাহিলীপাৰা অঞ্চলতো আন এক অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। এই ঘটনাটো বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।