গুৱাহাটীৰ গণেশগুৰিস্থিত মচজিদত অচিনাক্ত দুষ্কৃতিকাৰীৰ তাণ্ডৱক লৈ প্ৰতিক্ৰিয়া

Masque

যোৱা দেওবাৰে নিশা গুৱাহাটীৰ গণেশগুৰিস্থিত এটা মচজিদত কেইজনমান অচিনাক্ত দুষ্কৃতিকাৰীয়ে চলোৱা তাণ্ডৱক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মহানগৰীত।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে বাইকত অহা প্ৰায় ৬-৭ জনীয়া এটা যুৱকৰ দলে দেওবাৰে নিশা গণেশগুৰিৰ নয়নপুৰস্থিত মচজিদটোত বলপূৰ্বক প্ৰৱেশ কৰি তাণ্ডৱ চলায়।

দিচপুৰ আৰক্ষী চকীৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত অৱস্থিত মচজিদটোত দুৰ্বৃত্তৰ দলটোৱে অনাধিকাৰ প্ৰৱেশ কৰি আচবাব সমূহ ভাঙি পেলোৱাক লৈ এতিয়া মহানগৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজ্যখনত শেহতীয়াভাৱে সংঘটিত ধৰ্ষণ কাণ্ডক একাংশ লোকে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰি থকাৰ মাজতে খোদ ৰাজধানী চহৰখনত সংঘটিত এই কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱশ্যে স্থানীয় একাংশ লোকে ইয়াৰ আঁৰত দুষ্ট চক্ৰৰ গভীৰ অভিসন্ধি লুকাই থকাৰ আশংকা প্ৰকাশ কৰি সংশ্লিষ্ট সকলো পক্ষকে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে।

সম্প্ৰতি এই বৰ্বৰ কাণ্ডক একেমুখে গৰিহণা দি মহানগৰীৰ বাসিন্দা সকলে অতি শীঘ্ৰে ঘটনাৰ আঁৰত থকা দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে চৰকাৰ তথা প্ৰশাসনক। এইক্ষেত্ৰত চৰকাৰে দোষীক কৰায়ত্ত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সমাগত সময়ত লক্ষণীয় হ’ব।