গুৱাহাটীৰ নাগৰিকক সন্ত্ৰস্ত কৰি তোলা এটা ভয়ানক বাৰ্তা

গুৱাহাটী মহানগৰীৰ নাগৰিকসকলক সাৱধান কৰি দি জাৰি কৰা সম্ভাৱ্য মহানগৰ আৰক্ষীৰ এখন জাননীয়ে ছিচয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত এক নতুন সন্ত্ৰাস ব্যাপক ৰূপত বিয়পি পৰিছে।

গুৱাহাটীবাসীয়ে সকলো ছচিয়েল মিডিয়াৰ নেটৱৰ্কতে এখন সজাগতামূলক জাননীক লৈ বিভিন্ন প্ৰক্ৰিয়ামূলক বাৰ্তা প্ৰেৰণ কৰিছে। এই জাননীখন সম্ভৱত: গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেণ নাথে জাৰি কৰা বুলি প্ৰচাৰিত হৈছে।

ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰসাৰিত হোৱা এই সতৰ্কতামূলক জননীখনত গুৱাহাটীবাসী নাগৰিকক সকীয়াই দি কোৱা হৈছে যে একধৰণৰ দেখিৱলৈ ভদ্ৰ লোকে নিজকে গৃহ বিভাগৰ বিষয়া হিচাপে পৰিচয় দি ঘৰে ঘৰে যাবলৈ লৈছে।

তেওঁলোকে লগতে গৃহ বিভাগৰ লেটাৰহেডৰ লগতে অন্যান্য তথ্য পাতিও লগত লৈ যায়। তেওঁলোকে গুৱাহাটীত বাস কৰা লোকসকলৰ উপযুক্ত পৰিচয় পত্ৰ আছেনে নাই সেয়া পৰীক্ষা কৰি চোৱাৰ বাবে অহা বুলি দাবী কৰে।

এইটো প্ৰকৃত নাগৰিকসকলে ৰাজ্যৰ অহা নিৰ্বাচনত ভোট দিব পাৰিবনে সেয়া নিশ্চিত কৰিবলৈ কৰা হৈছে বুলি তেওঁলোকে কয়।

গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হীৰেণ নাথে জাৰি কৰা বুলি বহুলভাৱে ছচিয়েল মিডিয়াত প্ৰচাৰিত সতৰ্কতামূলক বাৰ্তাটোত উক্ত দলটো প্ৰকৃততে ভুৱা বুলি কোৱা হৈছে।

তেওঁলোকে দৰাচলতে ঘৰবোৰত ডকাইতি কৰিবলৈ যোৱা বুলি কোৱা হৈছে। পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ চলেৰে তেওঁলোকে ঘৰবোৰৰ পৰা মূল্যৱান সা-সামগ্ৰী তথা কষ্টোপাৰ্জিত ধন লুটি লৈ যায়।

জাৰি কৰা জাননীখনত শীৰ্ষ আৰক্ষী বিষয়াই স্পষ্ট কৰিছে যে অসম চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

জাননীখনত আৰু কোৱা হৈছে যে এই ভুৱা লোকসকলে নিজকে সুন্দৰকৈ সজাই পৰাই আৰু অতি ভদ্ৰ ব্যৱহাৰেৰে মানুহৰ ঘৰত প্ৰৱেশ কৰে। তেওঁলোক প্ৰকৃততে ডকাইত আৰু গুৱাহাটীৰ চাৰিওপিনে তেওঁলোক সিচৰতি হৈ পৰিছে।

এই জাননীখন যোৱা ১৬ ডিচেম্বৰত জাৰি কৰা বুলি কোৱা হৈছে আৰু সেইদিনাই নিশাৰ পৰা ছচিয়েল মিডিয়াত জাননীখন ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে আৰক্ষী বিষয়াৰে যোগাযোগ কৰাত তেওঁলোকে বিষয়টো সত্য বুলি নিশ্চিত কৰিছে।