গুৱাহাটীৰ মাজ-মজিয়াত পথ দুৰ্ঘটনা; আহত বাইক আৰোহী

দুৰ্ঘটনাগ্ৰস্ত বাইকখন

অসমৰ বিভিন্ন প্ৰান্তত হোৱা পথ দুৰ্ঘটনাত প্ৰতিদিনাই বহুলোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ পৰতে আজি ২৬ এপ্ৰিলত গুৱাহাটীৰ এ বি চিস্থিত অনিল প্লাজাৰ সন্মুখতে সংঘটিত এক পথ দুৰ্ঘটনাত ধীৰাজ কোঁৱৰ (২৫ বছৰীয়া) নামৰ এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে।

দুৰ্ঘটনাটোত বাইক আৰোহীজনে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত সামান্য পৰিমাণে আঘাত পায়।

যুৱকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ চিটি বাছ আৰু বাইকখন জব্দ কৰি ভঙাগড় আৰক্ষী থানালৈ লৈ যায়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুৱা প্ৰায় ৯:৩০ বজাত জালুকবাৰীৰ পৰা বেলতলা অভিমুখে আহি থকা এ এছ ০১ এইছ ছি ৯৩৭৮ নম্বৰৰ চিটি বাছ এখনৰ পিছফালে যুৱকজনে চলাই অহা এ এছ ০১এ ৯০১৩ নম্বৰৰ বাইকখনে খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাস্থলীতে উপস্থিত থকা যান-বাহন আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাইক আৰোহীজনে হেলমেট পৰিধান কৰি বাইক চলোৱা নাছিল।