গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পদত পুনৰ অধিষ্ঠিত হ’ল মুনীন নবিছ

Guwahati Sports Assocition

গুৱাহাটী ক্ৰীড়া সন্থা (জি এছ এ)ৰ সভাপতি পদত পুনৰ অধিষ্ঠিত হ’ল মুনীন নবিছ । ইফালে, বিপুল ভোটত জয়লাভ কৰি সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হ’ল ধ্ৰুৱজ্যোতি কলিতা। দেওবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত হোৱা গুৱাহাটী ক্ৰীড়া সন্থাৰ ৬১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে বিষয়ববীয়াসকলক নিৰ্বাচন কৰা হয়।

ৰিটাৰ্ণিং বিষয়া পৰেশ চন্দ্ৰ দাসৰ উপস্থিতিত মুঠ ৫ টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন। ৮৮ গৰাকী সদস্য উপস্থিত থকা সভাত সভাপতি পদৰ প্ৰাৰ্থী নবিছে ৫৪ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী দিলীপ শংকৰ শইকীয়াই লাভ কৰে ৩১ টা ভোট।

আনহাতে উপ-সভাপতি পদৰ তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰত মনজিৎ ভাগৱতীয়ে ৬২, ভোলা বড়োৱে ৫৭টা ভোট লাভ কৰাৰ বিপৰীতে মছলেহউদ্দিন আহমেদে লাভ কৰে ৪৭ টা ভোট।

সাধাৰণ সম্পাদক পদত ধ্ৰুৱজ্যোতি কলিতাই ৬১ টা ভোট লাভ কৰাৰ বিপৰীতে এল হেমন্ত সিঙে ২১ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে। ক্ৰিকেট সম্পাদক পদত বাবলু চৌধুৰী আৰু হকী সম্পাদকৰ পদত মানস নন্দী নিৰ্বাচিত হয়।

উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত হোৱা সন্থাৰ সাধাৰণ সভাই ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী ফুটবল পুনৰ প্ৰচলন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে জি এছ এৰ নিজস্ব খেলপথাৰ উন্নয়নত মনোনিৱেশ কৰাৰ কথা ব্যক্ত কৰে।