গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মহিলা ৰোগীক নিৰ্মম প্ৰহাৰ ৫ গৰাকীকৈ গৃহৰক্ষী জোৱানৰ

প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক বিতৰ্কই লগ নেৰা হৈছে। এই কথাকে প্ৰমাণ কৰি কালি চিকিৎসা মহাবিদ্যালয়খনত কৰ্তব্যৰত ৫ গৰাকীকৈ গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে এগৰাকী মহিলা ৰোগীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে কালি নিশা চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ প্ৰৱেশ পথতে এগৰাকী মহিলা ৰোগীক ৫ গৰাকীকৈ গৃহৰক্ষী জোৱানে নিৰ্মমবাৱে প্ৰহাৰ কৰাৰ লগতে মহিলাগৰাকীৰ হাতত থকা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰও পালি পেলায়।

আনহাতে মহিলা গৰাকীক গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰা দেখি মহিলাগৰাকীৰ আত্মীয়ই বাধা প্ৰদান কৰিবলৈ যাওঁতেই আত্মীয় কেইগৰাকীকো প্ৰহাৰ কৰে।

এই ঘটনা বিয়পি পৰাৰ লগে লগে নিশা চিকিৎসা মহাবিদ্যালয়খনত বজৰং দলৰ মহানগৰ সমিতিয়ে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। সংগঠনটোৱে কৰা অভিযোগ অনুসৰি ভুক্তভোগীয়ে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰাৰ বিপৰীতে ৰক্ষণাৱেক্ষণহে দিছে।

ফলত বজৰং দলৰ মহানগৰ সমিতিয়ে কালি নিশায়ে চিকিৎসা মহাবিদ্যালয়খনত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। অৱশেষত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ আশ্বাস দিয়াতহে অৱস্থান ধৰ্মঘট কাৰ্যসূচী উঠাই লয়।