গুৱাহাটী বিমান বন্দৰৰ কাষৰীয়া গাওঁসমূহৰ বিকাশৰ বাবে ধন আগবঢ়াব ভাৰতৰ বিমান বন্দৰ উন্নয়ন কৰ্তৃপক্ষই

Airports-Authority-of-India-AAI

কামৰূপ গ্ৰাম্য জিলাৰ গুৱাহাটী বিমান বন্দৰৰ ওচৰৰ গাওঁসমূহৰ লোকসকলৰ বহনক্ষম উন্নয়নত সহায় আগবঢ়াব ভাৰতৰ বিমান বন্দৰ উন্নয়ন কৰ্তৃপক্ষই।

কৰ্প’ৰেটৰ সামাজিক দায়ৱদ্ধতা (Corporate Social Responsibilities)ৰ অধীনত এই সুবিধা দিব লগা কৰ্তৃপক্ষটোৱে এই সন্দৰ্ভত অসম চৰকাৰৰ সৈতে ইতিমধ্যে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

গুৱাহাটী বিমানবন্দৰৰ কাষৰীয়া এলেকাৰ সম্প্ৰদায়সমূহৰ পুনৰুদ্যমতাৰ বিকাশৰ বাবে য়ু এন ডি পি (United Nations Development Program)এ যুগুতোৱা আনুমানিক ব্যয় অনুসৰি ভাৰতৰ বিমান বন্দৰ উন্নয়ন কৰ্তৃপক্ষই ৪.৫৮ কোটি টকা আগবঢ়াব।

বিজিনেছ ষ্টেণ্ডাৰ্ডৰ বাতৰি অনুসৰি বিমান বন্দৰৰ কাষৰীয়া লোকৰ সুবিধাৰ বাবে আন্তঃ গাঁথনি বিকাশৰ বাবে ভাৰতৰ বিমান বন্দৰ উন্নয়ন কৰ্তৃপক্ষই সময়ে সময়ে এনে পদক্ষেপ লৈ আহিছে।