গুৱাহাটী ষ্টেশ্যনত ৪০ কেজি গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ

ATTACHMENT

নিষিদ্ধ তথা নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ক’ৰিডৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। আজি পুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটীৰ পল্টনবজাৰ ৰেলৱে ষ্টেশ্যনত জিআৰপিএছে চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত ১২৪২৩ ডিব্ৰুগড়- ৰাজধানী এক্সপ্ৰেছৰ পৰা প্ৰায় ৩২ পেকেট গাঞ্জা জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

জব্দকৃত গাঞ্জাৰ মূল্য প্ৰায় ৪০ কেজি হ’ব বুলি প্ৰকাশ কৰিছে ৰেল আৰক্ষী সূত্ৰই।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দজন ক্ৰমে ৰাজস্থানৰ আনন্দ সিং (২৩) আৰু উত্তৰ প্ৰদেশৰ ৰাম চন্দৰ বিন্দ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰেল আৰক্ষীয়ে এই সন্দৰ্ভত ১৪৮/২০১৮য়ু/এছ ২২(চি)/ ২৯এনডিপিএছ আইনৰ অধীনত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাবত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৪ মে’ত মহানগৰীত পুৱতি নিশা  ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে  বশিষ্ঠ চাৰিআলিত এখন ট্ৰাকৰ পৰা ১৫০০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল।জানিব পৰা মতে বশিষ্ঠ চাৰিআলিত বিভাগটোৱে অভিযান চলাই পুৱতি নিশা প্ৰায় ৩:৩০ বজাত এ এছ ০১ এফ চি ৪৬৩৭ নম্বৰৰ ট্ৰাকখনৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুজন লোকক আটক কৰিছিল। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১.৫ কোটি টকা বুলি প্ৰকাশ কৰিছিল আৰক্ষী সূত্ৰই।