NORTHEAST NOW (Assamese)

গেলামালৰ দোকানৰ পৰা ৫ লাখ টকা মূল্যৰ বিদেশী সুৰা জব্দ ধৰ্মনগৰ আবকাৰী বিভাগৰ

May 24, 2018 5:49 pm · পান্না ঘোষ

ধৰ্মনগৰ আবকাৰী বিভাগে এখন গেলামালৰ দোকানত হঠাতে অভিযান চলাই বিপুল পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, উত্তম মোলছম আৰু বিশ্বজীৎ ভট্টাচাৰ্যৰ নেতৃত্বত এটা অভিযানকাৰী গোটে দোকানখনত অভিযান চলাই ৫ লাখ টকাতকৈও অধিক মূল্যৰ বিদেশী সুৰা জব্দ কৰে। এই সুৰাখিনি দোকানৰ পাছফালে থকা এটা গুডাম ঘৰত লুকুৱাই থোৱা হৈছিল।

এই ঘটনাটো শুনি ধৰ্মনগৰৰ জনসাধাৰণৰ মাজত আনন্দৰ জোৱাৰ উঠে আৰু আবকাৰী বিভাগৰ উদ্যোগৰ শলাগ লয়। ৰাইজে এনেধৰণৰ আৰু অভিযান আৰম্ভ কৰাৰ বাবে আবকাৰী বিভাগটোক আহ্বান জনায়।

অৱশ্যে ঘটনা সন্দৰ্ভত আবকাৰী বিভাগে কাকো গ্ৰেপ্তাৰ কৰা নাই। আবকাৰী বিভাগে সুৰাৰ বটলসমূহ জব্দ কৰি মহকুমা দণ্ডাধীশৰ কাৰ্যালয়লৈ লৈ আনে। এই পৰ্যন্ত আবকাৰী বিভাগটোৱে মুঠ ৪০ লাখ বে-আইনী সামগ্ৰী জব্দ কৰিছে।

Related News