গোলকগঞ্জত হৰিণা উদ্ধাৰঃ বন বিভাগক গতালে ৰাইজে

6bf65b70-3714-4fdb-9e2e-dfa2b3b3a2d2.jpg

বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কোমৰাকাটা গাঁৱত পাহাৰৰ পৰা নামি অহা এটা হৰিণা হানি-খুঁচি মৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ আন এটা হৰিণা উদ্ধাৰ হয় ৰাজ্যত ৷

এইবাৰ ৰাইজে জীৱন্তে হৰিণা উদ্ধাৰ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ বানীয়ামাৰীৰ শিকাইটাৰীৰ পৰা ৷

জানিব পৰা মতে শনিবাৰে পুৱা পাহাৰৰ পৰা নামি অহা হৰিণাটো ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বানীয়ামাৰীৰ শিকাইটাৰী গাঁৱত হৰিণাটোৱে মাকৈ খেতিত ঘূৰি থকা প্ৰত্যক্ষ কৰিছিল ৰাইজে।

স্থানীয় ৰাইজৰ সহযোগত হৰিণাটো উদ্ধাৰ কৰি মটেৰঝাৰ বন বিভাগৰ কাৰ্যালয়ত খবৰ দিয়ে৷ পাছত ধুবুৰীৰ পৰা বন বিভাগৰ দল এটা আহি শিকাইটাৰীত উপস্থিত হৈ হৰিণাটো উদ্ধাৰ কৰি ধুবুৰী বন সংমণ্ডললৈ লৈ যায়।

হৰিণা পোৱালিটোৰ দেহত আঘাতৰ চিন থকা বুলি প্ৰকাশ কৰিছে বন বিভাগৰ এটি সূত্ৰই ৷

উল্লেখযোগ্য যে বনাঞ্চল ধংস কৰাৰ ফলতেই খাদ্যৰ সন্ধানত দীৰ্ঘদিনৰ পৰা এনেদৰে বন্যপ্ৰাণীসমূহে বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷