গোলাঘাটৰ বান: নীপক’ক স্মাৰক পত্ৰ; ডিচি-এচপিৰ নিলম্বন দাবী যুৱ কংগ্ৰেছৰ

Activists of Assam Pradesh Youth Congress staging a protest in front of NEEPCO Office regarding Flood caused by Neepco Doyang Project, Golaghat at Guwahati on 08-08-18. pix by UB Photos.

নীপক’ই নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বিষয়ে নাগালেণ্ড চৰকাৰে আগতীয়াকৈ জাননী দিয়াৰ পিছতো নজনাৰ ভাও জোৰা গোলাঘাটৰ লগতে যোৰহাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ তাৎক্ষণিক নিলম্বন দাবী কৰিছে যুৱ কংগ্ৰেছে।

‘২৪ ঘন্টাৰ ভিতৰত অসমৰ এই জিলা দুখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিলম্বন নকৰিলে কাইলৈৰ পৰা অসম প্ৰদেশ যুৱ কংগ্ৰেছে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব,’ হুংকাৰ যুৱ কংগ্ৰেছ সভাপতি কমৰুল ইছলাম চৌধুৰীৰ।

নীপক’ই পানী এৰিব বুলি নাগালেণ্ড চৰকাৰে গোলাঘাট আৰু যোৰহাটৰ প্ৰশাসনলৈ প্ৰেৰণ কৰা জাননীৰ বিষয়ে ইতিমধ্যে নৰ্থ ইষ্ট নাও-ত বাতৰি প্ৰকাশিত হৈছিল।

বুধবাৰে নীপক’ৰ গুৱাহাটীস্থ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ পিছতে এই দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

আনহাতে অসম চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থা গ্ৰহণত বিফল হৈছে বুলিও যুৱ কংগ্ৰেছে সোণোৱাল চৰকাৰক তীব্ৰ সমালোচনা কৰে।

‘গোলাঘাটত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত নীপকো কৰ্তৃপক্ষৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কাৰণে চৰকাৰে আগভাগ ল’ব লাগিছিল। কিন্তু সেইক্ষেত্ৰত অসম চৰকাৰ পিছ পৰি আছে,’ চৰকাৰৰ স্থিতিক ধিক্কাৰ দি মন্তব্য অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি অংকিতা দত্তৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে ক্ষতিপূৰণ বা সাহায্যৰ বাবে নীপক’ৰ সৈতে আজিকোপতি গোলাঘাট প্ৰশাসনে কথা পতা নাই বুলিও অভিযোগ কৰিছে সংগঠনটোৱে।

গোলাঘাটৰ বান ‘প্ৰাকৃতিক নহয়, মানৱসৃষ্ট’ বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবেও প্ৰতিবাদী যুৱ কংগ্ৰেছীসকলে চৰকাৰক দাবী জনাইছে।

ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য দাবীৰে নীপক’ কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে সংগঠনটোৱে।

‘বানত বিধস্ত হোৱা ঘৰবোৰ পুনৰ নিৰ্মাণ কৰা, ক্ষতিগ্ৰস্ত পৰিয়ালৰ বেংকত থকা সকলো ধৰণৰ ঋণ ৰেহাই দিয়াৰ উপৰিও বানৰ পাছত খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিবলৈ সেই লোকসকলক ধানৰ কঠিয়া আৰু ট্ৰেক্টৰ যোগান ধৰা, খাদ্য সামগ্ৰী যোগান ধৰা, বানৰ পাছত ঘৰলৈ যোৱাৰ সময়ত অতি কমেও বিশ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে তিনি মাহলৈ বিনামূলীয়া ৰেচন প্ৰদান আৰু উপযুক্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা’ৰ দাবী উত্থাপন কৰিছে যুৱ কংগ্ৰেছে।