গোলাঘাটৰ বৰজান চাহ বাগিচাৰ শ্ৰমিকসকল
দৈনিক মজুৰি বৃদ্ধিকে ধৰি আন কেইবাটাও দাবীত আজি পুৱাই গোলাঘাটৰ বৰজান চাহ বাগিচাৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। সমদলৰ শেষত প্ৰতিবাদকাৰীসকলে বাগিচাৰ মূল প্ৰৱেশদ্বাৰত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।